২৩জানুৱাৰী,২০২৫ঃ Gunotsav – 2025 । জিলাৰ চাপৰ শিক্ষা খণ্ডৰ অন্তৰ্গত কুমুৰীগাঁৱ এল্ পি্ স্কুলত চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ তৃতীয় দিনৰ সফলতাৰে সমাপন হ’ল গুণোৎসৱ – ২০২৫ৰ বহি: মূল্যায়ন। গুণোৎসৱ হৈছে বিদ্যালয় শিক্ষা ব্যৱস্থাৰ গুণগত মান উন্নয়নৰ অৰ্থে ৰাজ্য চৰকাৰৰ এক পদক্ষেপ।
ছাত্ৰ ছাত্ৰীৰ শিকনৰ মান নিৰূপনৰ, বিদ্যালয়সমূহৰ আন্ত:গাঠনিবোৰৰ সঠিক উন্নয়নৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত গুণোৎসৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গুণোৎসৱ কাৰ্যসূচীৰ অধীনত বিদ্যালয়সমূহৰ মূলতঃ চাৰিটা গুৰুত্বপূৰ্ণ দিশ মূল্যায়ন কৰে। এইসমূহ দিশৰ পাৰদৰ্শিতাৰ ভিত্তিত বিদ্যালয়সমূহ A+ , A, B, C আৰু D গ্ৰেডত শ্ৰেণী বিভাগ কৰে।
উক্ত বিদ্যালয়ত বহি: মূল্যায়ক হিচাপে উপস্থিত থাকে বঙাইগাঁও জিলাৰ লেংটিচিংঙা ৰাজিৱ গান্ধী মেম’ৰিয়েল কলেজৰ সহকাৰী অধ্যাপক ড` ফজৰ আলী আৰু লগতে ইন ভিজিলেট্ৰৰ হিচাপে বিভিন্ন বিদ্যালয়ৰ পৰা কেইবাগৰাকী শিক্ষক শিক্ষয়িত্ৰী অংশগ্ৰহণ কৰে। যোৱা বছৰ বিদ্যালয়খনে A গ্ৰেড পাইছিল যদিও এই বছৰত বিদ্যালয়খনে ভাল ফলাফল পাব বুলি প্ৰধান শিক্ষক গৰাকীয়ে জানিবলৈ দিয়ে।