Gunotsav 2025 । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে গুণোৎসৱ ২০২৫ ৰ ফলাফল। এইবাৰ গুণোৎসৱৰ মূল্যাংকনত শীৰ্ষ স্থান লাভ কৰিছে শিৱসাগৰ জিলাই। দ্বিতীয় স্থান অধিকাৰ কৰিছে গোলাঘাট জিলাই আৰু তৃতীয় স্থান লাভ কৰিছে ডিব্ৰুগড় জিলাই। মুখ্যমন্ত্ৰীয়ে উন্নত ফলাফল লাভ কৰা জিলাসকলক অভিনন্দন জনায়।
২০১৭ চনত এ প্লাছ গ্ৰেড থকা বিদ্যালয়ৰ সংখ্যা আছিল ৬,৩০৭ খন, যি ২০২৫ চনত বৃদ্ধি পাই ১৩,৩০০ খন হৈছে। একেদৰে, এ গ্ৰেড পোৱা বিদ্যালয়ৰ সংখ্যা ২০১৭ চনত ১২,৯২৭ খন আছিল, যি ২০২৫ চনত ১৩,৯৫২ খনলৈ বৃদ্ধি পাইছে। বি গ্ৰেডৰ সংখ্যা হ্ৰাস পাই ৭০০০ খন হৈছে, আৰু চি গ্ৰেড বিদ্যালয় ৮০০ খনলৈ হ্ৰাস পাইছে। ডি গ্ৰেড বিদ্যালয়ৰ সংখ্যা ২০১৭ চনৰ ৭০০০ খনৰ পৰা ২০২৫ চনত ২১৮ খনলৈ হ্ৰাস পাইছে।
মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে, ২০১৭ চনত ১২,০০০ বিদ্যালয় মূল্যায়নৰ অন্তৰ্ভুক্ত আছিল, কিন্তু ২০২৫ চনত ৪৪,০৭ বিদ্যালয় এই মূল্যায়নৰ অন্তর্ভুক্ত হৈছে। ২০২৫ চনত ২৭,২৫২ খন বিদ্যালয় এ বা এ+ গ্ৰেড লাভ কৰিছে, যি ২০২৪ চনৰ তুলনাত ৭% বৃদ্ধি পোৱা সংখ্যা। শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাই পুনৰ শীৰ্ষস্থানত আছে, আৰু গোলাঘাট জিলা প্ৰথমবাৰৰ বাবে শীৰ্ষ তিনিটা স্থানত স্থান লাভ কৰিছে।
শিক্ষাৰ মানদণ্ড উন্নত হোৱাৰ লগত, ইউনিফৰ্মৰ ক্ষেত্ৰত শীৰ্ষ স্থান লাভ কৰিছে শিৱসাগৰ জিলাই, মাজুলী আৰু চৰাইদেউ জিলাই দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে। স্বচ্ছতাৰ ক্ষেত্ৰত গোলাঘাট, কামৰূপ (মঃ) আৰু যোৰহাট জিলাই কৃতিত্ব লাভ কৰিছে।
ইপিনে, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং আৰু চিৰাং জিলাই সন্তোষজনক ফলাফল দেখুৱাব পৰা নাই। মুখ্যমন্ত্ৰীয়ে এই জিলাসমূহৰ শিক্ষা বিভাগক ফলাফল উন্নত কৰাৰ বাবে পদক্ষেপ লোৱাৰ নিৰ্দেশ দিয়ে।
মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰি কয় যে, অসমত চৰকাৰী বিদ্যালয়ৰ গুণগত মান উন্নত হৈছে। চৰকাaৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষালাভ কৰিবলৈ আগ্ৰহী হৈছে, যিয়ে শিক্ষা ব্যৱস্থাৰ এক ইতিবাচক পৰিৱর্তন সূচায়।