গুৱাহাটীৰ ১০ শিক্ষানুষ্ঠানলৈ অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ কৃতজ্ঞতা

অখিল ভাৰতীয় সাহিত্য পৰিষদৰ অসম প্ৰদেশ সমিতিয়ে গুৱাহাটীৰ ১০ খন শিক্ষানুষ্ঠানলৈ কৃতজ্ঞতা পত্রৰ লগতে নগদ ধনেৰে সন্মানিত কৰে। উল্লেখ থাকে যে, অসম সাহিত্য সভাৰ চতুর্থ গৰাকী সভাপতি, অসমীয়া ভাষা-সাহিত্যৰ কাণ্ডাৰী, প্ৰথম চনেট ৰচয়িতা, পণ্ডিত হেমচন্দ্র গোস্বামীৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে অনুষ্ঠিত বিশাল শোভাযাত্রাত অংশগ্রহণকাৰী সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগ, পাণ্ডু মহাবিদ্যালয়ৰ অধ্যক্ষ, গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষ, দিশপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অসমীয়া বিভাগ, গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষ, এছ কে হাজৰিকা মহাবিদ্যালয়ৰ অধ্যক্ষ, হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগ আৰু শিক্ষণ একাডেমীৰ অধ্যক্ষক নিজ-নিজ অনুষ্ঠানলৈ গৈ কৃতজ্ঞতা পত্ৰ প্ৰদান কৰে।

সাহিত্য পৰিষদৰ অসম প্ৰদেশ কমিটিৰ উপ-সভাপতি দেৱেশ্বৰ কলিতা, সচিব প্ৰধান, “সাহিত্য কোঁৱৰ” কমল কলিতা, উদযাপন সমিতিৰ বিষয়ববীয়া তথা সংগীতজ্ঞ অৱনী ৰঞ্জন পাঠক, সাংবাদিক-কবি দীপক শৰ্মা, অধিবক্তা-লেখক উমাকান্ত বৰাই অংশ গ্রহণ কৰে। সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা মনজ্যোৎস্না মহন্ত গোস্বামী, ড০ লক্ষী হাজৰিকা, ড০ শুভশ্রী কলিতা তালুকদাৰ, সুৰভী বিকাশ বৰুৱাই  আহ্লাদিত হৈ পৰে। সাহিত্য পৰিষদৰ অসম প্ৰদেশ কমিটিৰ এই চিন্তাই নতুন প্রজন্মৰ ছাত্র-ছাত্ৰীসকলক ভিন ভিন দিশত আগবঢ়ি যোৱাত সহায় কৰিব।

Related Articles