Guwahati City Chess Championship 2024: গুৱাহাটী চিটি দবা শ্বেম্পিয়নশ্বিপতভৌমিক, আমেয়া, সাৰস্বত আৰু চাৰ্ভীশ্ৰী বৰ্মন চেম্পিয়ন

গুৱাহাটী, ২১ অক্টোবৰ: গুৱাহাটী চিটি দবা সন্থাৰ উদ্যোগত ১৯-২০ অক্টোবৰত গুৱাহাটী-২১ৰ আৰজি বৰুৱা পথত অৱস্থিত শিক্ষক ভৱনত অনুষ্ঠিত হোৱা অনুৰ্দ্ধ ৯ বছৰ আৰু অনুৰ্দ্ধ বছৰ ১৩ বছৰ শাখাৰ গুৱাহাটী চিটি দবা শ্বেম্পিয়নশ্বিপৰ(Guwahati City Chess Championship 2024) সামৰণি পৰে শ্ৰেণী। ১৩ বছৰ অনুৰ্দ্ধ ল’ৰা শাখাত ভৌমিক কিশোৰ দাস, ১৩ বছৰ অনুৰ্দ্ধৰ ছোৱালী শাখাত আমেয়া গুপ্তা, ৯ বছৰ অনুৰ্দ্ধৰ ল’ৰা শাখাত সৰস্বত ডেকা আৰু ৯ বছৰ অনুৰ্দ্ধৰ ছোৱালীৰ শাখাত চাৰ্ভি বৰ্মন চেম্পিয়ন হয়।


১৩ বছৰ অনুৰ্দ্ধ শাখাত ভৌমিক কিশোৰ ডেকাই ৬ ৰাউণ্ডৰ পৰা ৬ পইণ্ট লাভ কৰি চেম্পিয়ন হয়। সম সংখ্যক ৰাউণ্ডৰ পৰা ৫ পইণ্ট লাভ কৰি আনিশ গোস্বামীয়ে দ্বিতীয় স্থান লাভ কৰে। হৰ্ষ দীপ ডেকা আৰু আৰহান ৰহমান বৰাইও ৫ পইণ্টকৈ লাভ কৰি টাই ব্ৰেক স্ক’ৰৰ ভিত্তিত ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থান ঘোষণা কৰে। নীহাৰ দাসে ৪.৫ পইণ্ট লাভ কৰি ১১ বছৰ অনুৰ্দ্ধ শাখাত প্ৰথম স্থান লাভ কৰে আৰু চাণক্য মেধিয়ে ১১ বছৰ অনুৰ্ধ শাখাত ৪ পইণ্ট লাভ কৰি দ্বিতীয় স্থান লাভ কৰে।


৫ ৰাউণ্ডৰ পৰা ৫ পইণ্ট সংগ্ৰহ কৰি ১৩ বছৰ অনুৰ্ধৰ ছোৱালী শাখাত খিতাপ দখল কৰিবলৈ সক্ষম হয় আমেয়া গুপ্তাই। ঋতিশা মায়ৰা ৰাজবংশীয়ে ৪ পইণ্ট লাভ কৰি দ্বিতীয় স্থান লাভ কৰে। নিষ্ঠা শইকীয়াইও ৪ পইণ্ট লাভ কৰিছিল যদিও টাই ব্ৰেক স্ক’ৰৰ ভিত্তিত তৃতীয় স্থানত ঘোষণা কৰে। প্ৰতিধ্বনি সন্দিকৈ ৩ পইণ্ট সংগ্ৰহ কৰি চতুৰ্থ স্থান লাভ কৰে। ১১ বছৰ অনুৰ্ধৰ ছোৱালীৰ শাখাত ৩ আৰু ২.৫ পইণ্ট লাভ কৰি প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰে আৰিয়ানা কাশ্যপ আৰু হৰিপ্ৰিয়া বৰাই।


অনূৰ্ধ্ব-৯ বছৰ লৰা শাখাত সৰস্বত ডেকাই অপৰাজিত হৈ থাকি ৬ ৰাউণ্ডৰ পৰা ৬ পইণ্ট লাভ কৰি চেম্পিয়ন হয়। ৫ পইণ্ট লাভ কৰি দ্বিতীয় স্থান লাভ কৰে প্ৰাচুৰ্য্য চাংমাই। মাহিৰ জৈন আৰু হ্ৰেয়াশ ডেকাইও ৫ পইণ্টকৈ লাভ কৰে যদিও টাই ব্ৰেক স্ক’ৰৰ ভিত্তিত ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থান ঘোষণা কৰে। ৭ বছৰ অনুৰ্ধৰ শাখাত ৪ পইণ্টকৈ লাভ কৰি ৰেয়ান নোবিছ আৰু সূৰ্য্যংশু শইকীয়াই প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰে।


৯ বছৰ অনুৰ্ধ ছোৱালী শাখাত ৫ ৰাউণ্ডৰ পৰা ৪.৫ পইণ্ট লাভ কৰি চেম্পিয়ন হয় চাৰ্ভি শ্ৰী বৰ্মন। ধান্যতা গোস্বামী আৰু ধানীক্ষা দাস দুয়োজনে ৪ পইণ্ট লাভ কৰি ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। আব্ৰি নাইলা বৰাই ৩.৫ পইণ্ট সংগ্ৰহ কৰি চতুৰ্থ স্থান লাভ কৰে।
চানভি কাশ্যপ আৰু ধান্যতা শৰ্মাই ৩ পইণ্টকৈ লাভ কৰি ৭ বছৰ অনুৰ্ধৰ ছোৱালী শাখাত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰে।


মুঠ ১২১গৰাকী খেলুৱৈয়ে এই চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰে। ল’ৰা আৰু ছোৱালী উভয় শাখাৰ ১৩ বছৰ অনুৰ্ধ আৰু ৯ বছৰ অনুৰ্ধ শাখাৰ শীৰ্ষ চাৰিগৰাকী খেলুৱৈক আগন্তুক সদৌ অসম আন্তঃজিলা দবা চেম্পিয়নশ্বিপত ১৩ বছৰ অনুৰ্ধ আৰু ৯ বছৰ অনুৰ্ধ শাখাত গুৱাহাটীক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত কৰা হৈছে।(World Chess Champion)

ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে মুখ্য আৰ্বিটাৰ হিচাপে পৰিচালনা কৰা প্ৰতিযোগিতাখনত তেওঁক সহায় কৰে আন্তঃৰাষ্ট্ৰীয় আৰ্বিটাৰ মনিমালা সিনহা, জ্যেষ্ঠ ৰাষ্ট্ৰীয় আৰ্বিটাৰ খনিন্দ্ৰ বৰ্মন, ৰাষ্ট্ৰীয় আৰ্বিটাৰ শংকৰ বৰুৱা আৰু প্ৰয়াগ হাজৰিকাই। (Grandmaster)
কামৰূপ মেট্ৰ’ৰ জিলা ক্ৰীড়া বিষয়া পুষ্পন্দু দাসে মুখ্য অতিথি হিচাপে পুৰস্কাৰ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে।

পুৰস্কাৰ বিতৰণ কৰে জিএমডিএৰ উপাধ্যক্ষ তথা গুৱাহাটী চিটি দবা সন্থাৰ সভাপতি মুকুটা ডেকা, গুৱাহাটী চিটি দবা সন্থাৰ কাৰ্যকৰী সভাপতি ড০ শিবেন দত্ত, অনন্ত গোস্বামী আৰু ড০ দেৱজিৎ শৰ্মা, গুৱাহাটী চিটি দবা সন্থাৰ উপ-সভাপতি আৰু সুজা উল ইছলাম হাজৰিকা, গুৱাহাটী চিটি দবা সন্থাৰ কোষাধ্যক্ষ।(Singapore Chess Federation)

Related Articles