Guwahati Municipal Corporation: গুৱাহাটী পৌৰ নিগমৰ পাঁচ নম্বৰ সংমণ্ডলৰ দুই অৱসৰী কৰ্মচাৰীক বিদায় সম্বৰ্দ্ধনা

গুৱাহাটী, ৩০ ছেপ্টেম্বৰ: গুৱাহাটী পৌৰ নিগমত ৩০ বছৰ ধৰি সুখ্যাতিৰে কৰ্ম সম্পাদন কৰাৰ পাছত আজি নিগমৰ পাঁচ নম্বৰ সংমণ্ডলৰ পৰা নিয়ম মাফিক অৱসৰ গ্ৰহণ কৰে দুই চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ক্ৰমে-কে ৰাজু আৰু বান্দী আপ্পা ৰাওৱে।(Guwahati Municipal Corporation)

এই উপলক্ষে আজি বিয়লি নিগমৰ পাঁচ নম্বৰ সংমণ্ডলত আয়োজিত এক অনুষ্ঠানত অৱসৰী দুয়োজন কৰ্মচাৰীকে শৰাই, গামোচা, ফুলৰ থোপাৰে বিদায় সম্বৰ্দ্ধনা জনাই পাঁচ নম্বৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা হিৰণ্য কুমাৰ হাজৰিকাই। সম্বৰ্দ্ধনা গ্ৰহণ কৰি কে ৰাজু আৰু বান্দী আপ্পা ৰাওৱে ভাষণ প্ৰসংগত পৌৰ নিগমত সুদীৰ্ঘ কৰ্মজীৱনত কৰা সহায়- সহযোগিতাৰ বাবে গুৱাহাটী পৌৰ নিগমৰ সমুহ বিষয়া, কৰ্মচাৰী, সহকৰ্মী সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে আৰু সুদীৰ্ঘ কৰ্মজীৱনত মৃগেন শৰণীয়াৰ দৰে মেয়ৰ আৰু হিৰণ্য কুমাৰ হাজৰিকাৰ দৰে মানৱ দৰদী অভিযন্তা পৌৰ নিগমত বিৰল বুলি অভিহিত কৰে।(Farewell reception to two retired employees of Gauhati Municipal Corporation)

তেনেদৰে নিয়ম মাফিক অৱসৰ গ্ৰহণ কৰিলেও কাৰ্যালয়ৰ ফালৰ পৰা বিচাৰিলে আগৰ দৰে সহায় কৰিব বুলি ব্যক্ত কৰে। তেনেদৰে কাৰ্যবাহী অভিযন্তা হিৰণ্য কুমাৰ হাজৰিকাই দুয়োজনৰে সুস্বাস্থ্য আৰু দীৰ্ঘজীৱন কামনা কৰি সুদীৰ্ঘ কৰ্মজীৱনত গুৱাহাটী পৌৰ নিগমৰ উন্নয়নত নিজকে সমৰ্পিত কৰা কথাটোৰ শলাগ লয়।

Related Articles