Guwahati News: অন্ধকাৰ কোঠাত মাতৃৰ কংকালৰ সৈতে ৩ মাহ কি কৰিছিল পুত্ৰই?

গুৱাহাটী, ২১ অক্টোবৰ: গুৱাহাটী মহানগৰীত শিহৰণকাৰী ঘটনা। ঠিক চিনেমাৰ শিহৰণকাৰী ঘটনাৰ দৰেই গুৱাহাটী মহানগৰীৰ জ্যোতিকুচিত এগৰাকী মাতৃৰ কংকালৰ সৈতে মানসিকভাবে অস্থিৰ পু্ত্ৰই মাহৰ পিছত মাহ কটোৱাৰ কথাই বহুতৰে হৃদয় কঁপাই তুলিছে(Guwahati News)। জ্যোতিকুচিৰ বাসিন্দা ৬৫ বছৰীয়া পূৰ্ণিমা দেৰ কংকাল দেওবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়(shocking news Guwahati)। সন্দেহ কৰা অনুসৰি প্ৰায় ২-৩ মাহ পূৰ্বেই মহিলাগৰাকীৰ মৃত্যু ঘটিছিল আৰু তেওঁৰ মানসিৰভাবে অস্তিৰ পুত্ৰই মাতৃৰ মৃতদেহৰ কাষতে দিনৰ পিছত দিন ধৰি কটাইছিল(Guwahati man lives with skeleton)।

ওচৰ- চুবুৰীয়াই জানিবলৈ দিয়া অনুসৰি জয়দ্বীপৰ আক্ৰমণাত্মক আচৰণৰ বাবে তেওঁলোকৰ ঘৰলৈ নগৈছিল কোনো লোক। তাৰোপৰি তেওঁলোকৰ আত্মীয়- স্বজ্বনেই ঘৰখনলৈ অহা বন্ধ কৰিছিল। সেয়েহে ঘৰৰ ভিতৰত কি ঘটি আছে সেয়া জানিবলৈকো আগ্ৰহী নাছিল ওচৰ- চুবুৰীয়া কিম্বা আত্মীয়- স্বজ্বন । অৱশ্যে তাৰ মাজতে ওচৰ- চুবুৰীয়াই জয়দ্বীপক দেখিলে তেওঁৰ মাতৃৰ খা খবৰ লৈছিল। তেনে প্ৰশ্নৰ মুখামুখী হ’লে জয়দ্বীপেও তেওঁৰ মাতৃ ভালে থকা বুলিয়ে কৈ আহে যদিও যোৱা কিছুদিন ধৰি ওচৰ- চুবুৰীয়া লোকসকলৰ মনতো কিছু সন্দেহৰ সৃষ্টি হৈছিল । কিয়নো বিগত প্ৰায় ৩-৪ মাহে মহিলাগৰাকীক কোনোৱে প্ৰত্যক্ষ কৰা নাছিল আৰু তেওঁলোকৰ ঘৰৰ চৌপাশটোও জংঘলেৰে আঁৱৰি ধৰিছিল।

মাজতে ঘৰখনৰ কাষৰে এজন লোকে জয়দ্বীপক তেওঁলোকৰ ঘৰখনৰ চৌপাশটো পৰিস্কাৰ কৰাৰ কথা কৈছিল যদিও তেওঁঅকলে চাফা কৰিবলৈ অপাৰগ বুলি কয়। সেই সময়তে লোকজনে জয়দ্বীপৰ মাতৃৰ বিষয়ে সোধাত তেওঁৰ মাতৃ দেউতাকৰ ওচৰলৈ যোৱা বুলি লোকজনক জনাইছিল । কিন্তু কেইবছৰমানৰ পূৰ্বেই জয়দ্বীপৰ পিতৃৰ মৃত্যু হৈছিল। জয়দ্বীপৰ এই ভাষ্যৰ পাছতেই তেওঁৰ ওপৰত ওচৰ- চুবুৰীয়াৰ অধিক সন্দেহ ঘনীভূত হ’ল(Jyotikuchi Guwahati incident)।

দেওবাৰে ওচৰ চুবুৰীয়াৰ একাংশ লোকে পূৰ্ণিমা দে’ৰ খবৰ লোৱাৰ উদ্দেশ্যে ঘৰটোত বলপূৰ্বকভাৱে সোমাব বিচাৰিছিল যদিও জয়দ্বীপে ঘৰটোত সোমোৱাত বাধা দিয়ে(Mental illness and crime ) । ইয়াৰ পাছতে ওচৰ-চুবুৰীয়া লোকসকলে সমগ্ৰ ঘটনা সন্দৰ্ভত ফটাশিল আৰক্ষীক অৱগত কৰে । ঘটনাৰ খবৰ পাই সেই স্থানত আৰক্ষী উপস্থিত হৈ কোঠাটোত প্ৰবেশ কৰি নৰকংকালটো প্ৰত্যক্ষ কৰে(Jyotikuchi woman found dead) । লগে লগে সমগ্ৰ ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ।

ইয়াৰ পাছতে ঘটনাস্থলীত মহানগৰ আৰক্ষীৰ শীৰ্ষ বিষয়া, CID দলৰ উপৰিও ফৰেন্সিকৰ এটা দল উপস্থিত হৈ নৰকংকালটো পৰীক্ষা কৰে । লগতে মানসিকভাৱে বিকাৰগ্ৰস্ত পুত্ৰ জয়দ্বীপক আৰক্ষীয়ে আটক কৰি সোধা-পোছাৰ বাবে থানলৈ লৈ যায় ।

ইফালে মাতৃৰ কংকালৰ সৈতে একেলগে বাস কৰা পুত্ৰৰ কথা বতৰাক লৈ এতিয়া বহুতৰে সন্দেহ হৈছে। বহুতে সন্দেহ কৰা অনুসৰি কোনো দুষ্ট চক্ৰই হয়তো সম্পত্তিৰ লোভতে মানসিকভাবে অস্থিৰ পুত্ৰৰ(mentally unstable son) হতুৱাই মহিলাগৰাকীক হত্যা কৰিছে। ইপিনে মৃত মহিলাগৰাকীৰ পুত্ৰ জয়দ্বীপে আৰক্ষীৰ ওচৰত কৰিছে কেতবোৰ চাঞ্চল্যকৰ মন্তব্য। দেওবাৰে আৰক্ষীয়ে কংকালটো উদ্ধাৰ হোৱাৰ সময়ত কংকালৰ কাষতে উদ্ধাৰ হৈছিল এখন শিৱৰ ফটো, কিছু পূজাৰ সামগ্ৰী আৰু ৰুটিৰ টুকুৰা। আৰক্ষীৰ জেৰাত পূৰ্ণিমা দে’ৰ মানসিকভাৱে অস্থিৰ পুত্ৰই দিছে কেতবোৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি। মাকৰ কংকালৰ সন্মুখত সদায়ে পূজা কৰিছিল জয়দ্বীপে। মাক জীয়াই উঠিব বুলি মৃতা মাকক ৰুটিও দিছিল পুত্ৰই। ইতিমধ্যে গড়চুক আৰক্ষীয়ে বিভিন্ন দিশৰ পৰা ঘটনাটোৰ তদন্ত কৰি আছে। তদন্তৰ পিছতহে স্পষ্ট হ’ব ঘটনাৰ প্ৰকৃত ৰহস্য কি।

Related Articles