Breaking

গুৱাহাটী দূৰদৰ্শনৰ জনপ্ৰিয় বাতৰি পঢ়োতা প্ৰতাপ বৰদলৈ আৰু নাই

0 2,132

তেতিয়া চেটেলাইট টেলিভিছন চেনেলসমূহ অসমলৈ অহাই নাছিল । গুৱাহাটী দূৰদৰ্শনৰ সন্ধিয়া ৭ বজাৰ অসমীয়া বাতৰি চাবলৈ মানুহে তেতিয়া ৰৈ থাকে । যিকোনো প্ৰকাৰে ৭ বজাৰ আগত ঘৰত সোমাই টিভিটো অন কৰি বাতৰিটো চোৱাৰ অভ্যাস আছিল মানুহৰ । আৰু দূৰদৰ্শনৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ লগে লগে প্ৰায়ে দৰ্শকৰ সন্মুখলৈ আহিছিল এখন চিনাকি মুখ, এটা চিনাকি কণ্ঠ। সেই চিনাকি মুখ আৰু চিনাকি কণ্ঠৰ বাতৰি পঢ়োতাগৰাকীয়েই আছিল প্ৰতাপ বৰদলৈ। সেই চিনাকি মুখ, চিনাকি কণ্ঠ প্ৰতাপ বৰদলৈ আৰু নাই ।

প্ৰায় প্ৰতিদিনে এতিয়া যেন এজনৰ পিছত এজনকৈ চিনাকি মানুহৰ চিৰপ্ৰস্থানৰ খবৰ । আজি আহিল প্ৰতাপ বৰদলৈৰ মৃত্যুৰ খবৰ । দূৰদৰ্শনযোগে অসমীয়া বাতৰি সম্প্ৰচাৰৰ ক্ষেত্ৰত প্ৰতাপ বৰদলৈৰ ভূমিকা আছিল উল্লেখযোগ্য । প্ৰথমাৱস্থাত পাণবজাৰত অস্থায়ীভাৱে এটা বিশেষ কোঠাৰ পৰা সম্প্ৰচাৰ হৈছিল গুৱাহাটী দূৰদৰ্শনৰ বাতৰি । পিছলৈ জু-ৰোডলৈ দূৰদৰ্শন কেন্দ্ৰৰ স্থায়ী কাৰ্যালয় অহাৰ পিছত তাৰ পৰা বাতৰি পঢ়িছিল প্ৰতাপ বৰদলৈয়ে ।

জ্যেষ্ঠ সাংবাদিক, অসমত টেলিভিছন সাংবাদিকতাৰ অন্যতম বাটকটীয়া তথা গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ প্ৰাক্তন উপ-সঞ্চালক প্ৰতাপ বৰদলৈৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷

Leave A Reply

Your email address will not be published.