Breaking

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱকৰ মণিপুৰ যাত্ৰা..

0 18

গুৱাহাটী ,১জুলাই : গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষৰ অধীনৰ বিভিন্ন মহাবিদ্যালয়ৰ পৰা ছাত্র ছাত্রীৰ এটা 20 জনীয় দল আজি মণিপুৰলৈ ৰাওনা হৈছে। ‘উত্তৰ পূৱ ৰাষ্ট্ৰীয় সেৱা আঁচনি উৎসৱ ‘ ত যোগদান কৰিবলৈ যোৱা পাঁচখন কলেজৰ মুঠ বিশ গৰাকী ছাত্র ছাত্রীৰ এই দলটিক নেতৃত্ব দিছে লক্ষীপুৰ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ প্ৰগাম অফিচাৰ ইমৰান মজিদে। ৰাষ্ট্ৰীয় সেৱা আঁচনি ৰ উত্তৰ পূৱ মাণ্ডলিক সঞ্চালকালয়ে মণিপুৰ বিশ্ববিদ্যালয়ৰ সহযোগত অনুষ্ঠানটিৰ আয়োজন কৰিছে । সুৰেন দাস মহাবিদ্যালয় , হাজো ,শৰাইঘাট মহাবিদ্যালয়, চাংসাৰি,শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়, ধিং মহাবিদ্যালয় আৰু লক্ষীপূৰ মহাবিদ্যালয়, গোৱালপাৰাৰ ছাত্র ছাত্রী সকলে মণিপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত অংশ গ্ৰহণ কৰিব। অংশগ্রহণ কাৰী ছাত্র ছাত্রী সকল হ’ল: নিপু কলিতা, চাজিদ আলী,অংকিতা ডেকা, বন্দনা কলিতা, জিন্টু শৰ্মা, ৰাকেশ আলী, অনামিকা দাস, নিহা নাথ,অবিনাশ দেৱান, মৃগাংক কলিতা, সুস্মিতা দাস, ময়ূৰাক্ষী মহন্ত, সুসন শীল, পম্পি হাজং, সৰিতা হাজং, প্ৰণৱ বড়ো, বিশাল চক্ৰৱৰ্তী ,সুমিত শইকীয়া, ৰুঞ্জুমণি বড়ো আৰু দিক্ষীতা ডেকা ।


ছাত্র ছাত্রী সকলে বিভিন্ন প্ৰতিযোগিতাতো ভাগ লব। দলটিলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক (ডঃ)
প্ৰতাপজ্যোতি সন্দিকৈ, পঞ্জীয়ক ডঃ হেমন্ত কুমাৰ নাথ আৰু ছাত্র কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে অন্তৰভৰা শুভেচ্ছা জ্ঞাপন কৰিছে।

Leave A Reply