Breaking

গুৱাহাটী বিশ্ববিদ্যালয়ত ধনৰ বিনিময়ত নম্বৰ কেলেংকাৰী: প্ৰতিক্ৰিয়া উপাচাৰ্যৰ

0 20

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাই মাৰ্কশ্বিটৰ কোটিটকীয়া কেলেংকাৰীৰ ঘটনা পোহৰলৈ আহিছে। শেহতীয়াকৈ কম্পিউটাৰাইজ ব্যৱস্থাৰে জড়িত থকা একাংশই মাৰ্কশ্বিট জালিয়াতিৰ কাণ্ড সংঘটিত কৰে বুলি অভিযোগ আনে শুকুৰবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়াই । অভিযোগ অনুসৰি কেছ ফৰ মাৰ্কচ কেলেংকাৰীৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰে বিভিন্ন বিভাগৰ ভালেসংখ্যক লোক জড়িত থকাৰ কথা কোৱাৰ উপৰিও দুষ্ট কৰ্মৰ কু-কাণ্ডৰে জড়িত এজনক গ্ৰেপ্তাৰ কৰা হৈছে। এনেধৰণৰ ৬টা ঘটনা পূৰ্বেও ফাদিল হয় । উক্ত সমগ্ৰ ঘটনাৱলী সন্দৰ্ভত অসম আৰক্ষী আৰু চি আই ডিয়ে যুটীয়াভাৱে তদন্ত চলাই আছে। ঘটনা সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীয়েও ‘আই ইউ এম এছ’ৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলৰ সকলো তথ্য আৰু নম্বৰ তালিকা ছআপলোড কৰে । তদুপৰি যিটো সংস্থাক তদাৰক কৰিবলৈ দিয়া হৈছিল সেই নিৰ্দিষ্ট সংস্থাটোৰে ২০২২চনতে চুক্তিৰ ম্যাদ উকলি গৈছে বুলি লগতে উপাচাৰ্য গৰাকীয়ে অভিযোগৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বৰপেটাৰ গণেশলাল চৌধুৰী মহাবিদ্যালয়ৰ এজন ছাত্ৰৰ মাৰ্কশ্বিট জালিয়তিৰ তথ্য পোহৰলৈ অহাত এই সমগ্ৰ ঘটনা চৰ্চালৈ আহিছে। ইয়াৰ পাছতেই বিশ্ববিদ্যালয়খনত মাৰ্কশ্বিট কেলেংকাৰীৰ ঘটনা সংঘটিত হোৱা বুলি শুকুৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৰপেটাত সাংবাদিকৰ আগত ব্যক্ত কৰে ।

উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত প্ৰায়সংখ্যক মহাবিদ্যালয়তে এনে দালাল চক্ৰ থকাৰ অভিযোগ প্ৰকাশ কৰে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিমানজিত ডেকাই। সাধাৰণ সম্পাদক গৰাকীয়ে কেলেংকাৰীত বিশ্ববিদ্যালয়খনৰ একাংশ শিক্ষাৰ্থীও জড়িত থকাৰ লগতে বিশেষকৈ বেক উঠোৱাৰ নামত প্ৰতিটো বিষয়ত ১৬হাজাৰ টকা ঘোচ লোৱাৰো গুৰুতৰ অভিযোগ তোলে ছাত্ৰ একতা সভাই।

Leave A Reply