চীনত নিৰ্মিত হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰি আঙুলি হেৰুৱালে মহিলাই। কেমেই হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰি আঙুলি হেৰুৱালে এজন মৃত সৈনিকৰ পত্নীয়ে। অনলাইনত অৰ্ডাৰ কৰি অনা হেয়াৰ ড্ৰায়াৰ পৰীক্ষা কৰোতেই বিস্ফোৰণ। এই ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ বাগালকোট জিলাত। হেয়াৰ ড্ৰাইয়াৰ বিস্ফোৰণৰ ফলত মৃত জোৱানজনৰ পত্নীৰ দুয়োখন হাত হেৰাই। বৰ্তমান মহিলাগৰাকী চিকিৎসালয়ত ভৰ্তি হৈ আছে। আঘাতপ্ৰাপ্ত মহিলাগৰাকীৰ চুবুৰীয়া এগৰাকী মহিলাই ক্ৰয় কৰিছিল হেয়াৰ ড্ৰায়াৰটো।(Hair Dryer)
এক প্ৰতিবেদন অনুসৰি, ১৫ নৱেম্বৰত সংঘটিত এই ঘটনাটো বুধবাৰেহে পোহৰলৈ আহে। আনহাতে তেওঁৰ স্বামী ২০১৭ চনত জম্মু-কাশ্মীৰত বিদ্যুৎ শ্বৰ্ট চাৰ্কিট হৈ মৃত্যুবৰণ কৰিছিল।(hair dryer blast)
বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে হেয়াৰ ড্ৰায়াৰৰ এই বিস্ফোৰণ ঘটনা সংঘটিত হয়। হেয়াৰ ড্ৰাইয়াৰৰ দৰে সঁজুলি ব্যৱহাৰ কৰিবলৈ ২ ৱাটৰ বৈদ্যুতিক সংযোগৰ প্ৰয়োজন হয়। কিন্তু শক্তি তাতকৈ বেছি আছিল, যাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছিল। এগৰাকী চুবুৰীয়াৰ নামত এই কুৰিয়াৰটো আহিছিল। কুৰিয়ৰ ডেলিভাৰী কৰা ব্যক্তিজনে যেতিয়া মহিলাগৰাকীক পাৰ্চেলটো ল’বলৈ ফোন কৰিলে তেতিয়া তেওঁ চহৰৰ বাহিৰত থকা বুলি ক’লে আৰু তাৰ পৰিৱৰ্তে পাৰ্চেলটো চুবুৰীয়া বাসৱৰাজেশ্বৰীক ডেলিভাৰী দিবলৈ ক’লে। তাৰ পিছত শশীকলাই বাসৱৰাজেশ্বৰীক ফোন কৰি বাহিৰত থকাৰ সময়তে তেওঁৰ পাৰ্চেলটো ল’বলৈ অনুৰোধ কৰিলে।(karnataka)
পিছত বাসৱৰাজেশ্বৰীয়ে পাৰ্চেলটো সংগ্ৰহ কৰিলে। শশীকলাই যেতিয়া তেওঁক পাৰ্চেলটো খুলিবলৈ ক’লে, তাত কি আছে চাবলৈ, বাসৱৰাজেশ্বৰীয়ে খুলি হেয়াৰ ড্ৰাইয়াৰ এটা পালে। বাসৱৰাজেশ্বৰীয়ে হেয়াৰ ড্ৰাইয়াৰটো পাৱাৰ চকেটত প্লাগ কৰি চুইচ অন কৰাৰ লগে লগে তেওঁৰ হাতত বিস্ফোৰণ ঘটিল।