Hair Loss: পুৰুষৰ চুলি কিয় সৰে? চুলি সৰাৰ বহু কাৰণ আছে পুৰুষৰ!

আজিকালি বহু কম বয়সৰ লোকৰ চুলি সৰে।(Hair Loss) পুৰুষ আৰু মহিলা সকলোৰে চুলি সৰে যদিও, পুৰুষৰ চুলি সৰাৰ আঁৰৰ বহু কাৰণ আছে। পুৰুষৰ চুলি সৰা সমস্যাক এণ্ড্ৰজেনিক এলোপেচিয়া বুলিও কোৱা হয়, পুৰুষৰ ক্ষেত্ৰত হোৱা অন্যতম সাধাৰণ সমস্যা, প্ৰায়ে কিশোৰ কালৰে পৰা এনে সমস্যা দেখা যায়।(male) পুৰুষৰ চুলি সৰাৰ কেইটামান কাৰণ আছে-

দীৰ্ঘদিনীয়া মানসিক চাপৰ ফলত হোৱা হৰম’নৰ পৰিৱৰ্তনে চুলি সৰাত অৰিহণা যোগাব পাৰে। ইয়াৰ উপৰিও বৰ্তমান সয়মৰ নিম্নমানৰ টোপনি আৰু খাদ্যাভ্যাস আদি জীৱনশৈলীয়ে চুলিৰ শক্তি কমায়।

পুষ্টিহীনতা বা এনে প্ৰয়োজনীয় ভিটামিন আৰু খনিজ পদাৰ্থ যেনে ভিটামিন ডি, বি ১২, আৰু বায়টিন, আইৰণ আৰু জিংকৰ অভাৱে স্বাভাৱিকতে চুলিক দুৰ্বল কৰি তুলিব আৰু চুলিৰ বৃদ্ধিত বাধাৰ সৃষ্টি কৰে।

কিছুমান চিকিৎসাজনিত অৱস্থা যেনে থাইৰয়ড ৰোগতো চুলি সৰিব পাৰে।

আপোনাৰ খাদ্যত চুলিৰ বাবে উপযোগী পুষ্টিকৰ উপাদান যেনে প্ৰটিন, আইৰণ, জিংক, আৰু ভিটামিন এ, ডি, আৰু বি-কম্প্লেক্স প্ৰচুৰ পৰিমাণে থাকে। কণী, বাদাম, পালেং, মাছৰ দৰে খাদ্যই চুলিৰ স্বাস্থ্য বৃদ্ধি কৰিব পাৰে।

জীৱনশৈলীৰ পৰিৱৰ্তনেও হয়তো আপোনাৰ চুলি সৰাত অৰিহণা যোগাব পাৰে।

যোগাসন আৰু ধ্যান কৰক, ইয়াৰ উপৰিও মানসিক চাপ দূৰ কৰিবলৈ আৰু সাধাৰণ স্বাস্থ্যৰ অৱস্থা উপকৃত কৰিবলৈ নিয়মিত শৰীৰৰ ব্যায়াম বজাই ৰাখক। এনে কৰিলে চুলিৰ সমস্যাৰ পৰা সকাহ পাব।

নিয়মিতভাৱে নাৰিকল তেলেৰে মূৰৰ ছাল মালিচ কৰিলে তেজৰ সঞ্চালন বৃদ্ধি পায় আৰু মূৰৰ ছালখন স্বাভাৱিকভাৱে চুলি গজাবলৈ সহায় কৰে।

Related Articles