Breaking

হাতে-কামে বিধায়ক ফণীভূষণ চৌধুৰী, বঙাইগাঁৱৰ কৃষিখণ্ডত আলু খেতিৰে নৱ জাগৰণৰ সূচনা কৰাৰ প্ৰচেষ্টা কৃষি বিভাগৰ

0 83

বঙাইগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত বিদ্যাপুৰ কৃষি চক্ৰৰ অন্তৰ্গত চিটকাগাঁৱৰ নয়াপাৰা আৰু পুৰাণিপাৰা গাঁৱৰ লগতে মামুগাঁৱত শনিবাৰে আলুৰ বীজ ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়। উল্লেখ্য যে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ ২০২৩-২৪ আঁচনিৰ অধীনত বঙাইগাঁও মহকুমাত এই আলু খেতিৰ প্ৰদৰ্শনীমূলক ক্ষেত্ৰৰ শুভাৰম্ভণি কৰা হয়। ইয়াৰ অংশ হিচাপে চিটকাগাঁৱৰ নয়াপাৰাৰ আই মহিলা গোটৰ সাত বিঘা, পুৰাণিপাৰাৰ মিলিজুলি গোটৰ তিনি বিঘা আৰু আটুগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত মামুগাঁৱৰ আস্থা মিলিজুলি গোটৰ দহ বিঘা কৃষিভূমিত আলুৰ বীজ ৰোপণ কৰা হয়। উক্ত বীজ ৰোপণ কাৰ্য্যসূচীত বঙাইগাঁৱৰ স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰী উপস্থিত থাকি শুভাৰম্ভণি কৰে। তেওঁ এই কাৰ্য্যসূচীৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ মহিলা কৃষকসকলক এই খেতিৰ লগতে আন আন শস্যসমূহৰো খেতি কৰি স্বাৱলম্বী হ’বলৈ আহ্বান জনায় আৰু ইয়াৰ লগতে আন মহিলাসকলকো খেতি কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায় ৷

অনুষ্ঠানত জিলা কৃষি বিষয়া অপল দাসে উপস্থিত থাকি কৃষক ৰাইজক আলু খেতিৰ বীজ ৰোপণ, যত্ন আৰু জৈৱিক সাৰৰ প্ৰয়োগ সন্দৰ্ভত বুজাই কয় । ইয়াৰ লগতে কৃষকসকলক এই খেতি সন্দৰ্ভত কোনো সহায়-সহযোগৰ প্ৰয়োজন হ’লে জিলা কৃষি বিষয়াৰ কাৰ্য্যালয়ৰ সৈতে যোগাযোগ কৰিবলৈ জিলা কৃষি বিষয়াগৰাকীয়ে আহ্বান জনায়। উল্লেখ্য যে বিধায়ক, জিলা কৃষি বিষয়া, সহকাৰী কৃষি সঞ্চালক আৰু কৃষি বিষয়াসকলে কৃষকসকলক বৈজ্ঞানিক পদ্ধতিৰে হাতে-কামে আলুৰ বীজ ৰোপণ কৰি দেখুৱাই দিয়ে।

পাছত কৃষকসকলে কৃষিভূমিত একে পদ্ধতিৰে আলু ৰোপণ কৰে। উক্ত অনুষ্ঠানত সহকাৰী কৃষি সঞ্চালক পৰেশ ৰায়, কৃষি উন্নয়ন বিষয়া দীপশিখা বনিয়া, সহকাৰী কৃষি পৰিদৰ্শকদ্বয় গুণধৰ ৰায় আৰু কৃতি লোধ, বিভাগীয় বিষয়া-কৰ্মচাৰীসকল, সমাজকৰ্মী শৈলেন সৰকাৰ, কিৰণ বৰ্মন, দেৱকান্ত ৰায়, পলেন চৌধুৰী আৰু প্ৰায় শতাধিক কৃষক ৰাইজ উপস্থিত থাকে। উল্লেখ্য যে, ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা ২০২৩-২৪ আঁচনিৰ অধীনত বঙাইগাঁও জিলাত মুঠ ৩,১৫০ কুইন্টল আলুৰ বীজ কৃষক ৰাইজৰ মাজত বিতৰণ কৰা হয়। লগতে জৈৱিক সাৰো বিতৰণ কৰা হয়।

Leave A Reply

Your email address will not be published.