ক্ৰীড়া জগতৰ বাবে পুনৰ সু-খৱৰ

ক্ৰীড়া জগতৰ বাবে পুনৰ সুখৱৰ । দৰিদ্ৰতা যে সফলতাৰ হেঙাৰ হৱ নোৱাৰে তাৰে নিদৰ্শন দাঙি ধৰিলে মৰিগাঁওৰ এই গৰাকী যুৱতীয়ে ।

আৰ্থিক সমস্যাৰ বাবেই এখন সাধাৰণ চাইকেল চলাই মৰিগাঁও চহৰৰ জিতু কুমাৰ বিষয়াৰ তত্ত্বাৱধানত শিকিবলৈ লৈছিল কাৰাটে ৷ গাৱঁৰ ঘৰুৱা পৰিৱেশত আন কোনো সুবিধা নথকাৰ কাৰণে চিমেণ্টৰ খালী বেগত বালি ভৰাই অনুশীলন কৰি একান্ত আগ্ৰহত অসমৰ লগতে পঞ্জাৱত অনুষ্ঠিত প্ৰতিযোগিতাতো দুবাৰকৈ লাভ কৰিছিল সোণৰ পদক ৷ এয়া কিছুদিনৰ আগৰ কথা ৷

বিগত ডিচেম্বৰ মাহত হাৰিয়ানাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন খেলত লাভ কৰিছিল সোণৰ পদক ৷বিগত ২২ এপ্ৰিলৰ পৰা ২৪ এপ্ৰিললৈ ঝাৰখণ্ডত অনুষ্ঠিত হোৱা কাৰাটে প্ৰতিযোগিতাত পুনৰ সোণৰ পদক লাভ কৰি অঞ্চলৰ লগতে মৰিগাঁও জিলাৰ বাবেই সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে টুটুমনি ডেকাই ৷ মৰিগাঁৱৰ মানস নাথৰ ওচৰত প্ৰশিক্ষণ লৈ থকা টুটুমনি সাফল্যত অঞ্চলৰ ৰাইজে সন্তোষ প্ৰকাশ কৰিছে ৷

এতিয়া গাঁওবাসীৰলগতে যুৱতীগৰাকীয়ে বিচাৰিচে ৰাইজৰ লগতে চৰকাৰৰ সহায় যাতে পুনৰ গৌৰৱ কঢ়িয়াই আনিব পাৰে ৰাজ্যবাসীলৈ গৌৰৱ ৷

Related Articles