ৰাজ্যৰ চাহ বাগিচাসমূহত কৰ্মৰত শ্ৰমিকসকলৰ বাবে সুখৱৰ , ন্যূনতম মজুৰি ২৭ টকাকৈ বৃদ্ধি…

ৰাজ্যৰ চাহ বাগিচাসমূহত কৰ্মৰত শ্ৰমিকসকলৰ ন্যূনতম মজুৰি সংক্ৰান্তীয় বিষয় আলোচনা কৰাৰ অৰ্থে আজি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত ইণ্ডিয়ান টী এছ’চিয়েচন, নৰ্থ-ইষ্টাৰ্ন টী এছ’চিয়েচন, টী এছ’চিয়েচন অৱ ইণ্ডিয়া, ভাৰতীয় চাহ পৰিষদ, আছাম টী প্লেণ্টাৰ্ছ এছ’চিয়েচন আৰু অসম চাহ মজদুৰ সংঘৰ প্ৰতিনিধিবৰ্গৰ সৈতে এক বৈঠকত মিলিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । এই বৈঠকত ৰাজ্যৰ চাহ বাগিচাসমূহত কৰ্মৰত শ্ৰমিকসকলৰ ন্যূনতম মজুৰি ২৭ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ইয়াৰ ফলত ব্ৰহ্মপুত্ৰ উপত্যকাত চাহ শ্ৰমিকসকলৰ ন্যূনতম মজুৰি ২৩২ টকা আৰু বৰাক উপত্যকাত চাহ শ্ৰমিকসকলৰ ন্যূনতম মজুৰি ২১০ টকালৈ বৃদ্ধি পাব। চলিত বৰ্ষৰ পহিলা আগষ্টৰ পৰা মজুৰি বৃদ্ধিৰ এই সিদ্ধান্ত কাৰ্যকৰী হ’ব। বৈঠকতে অৰ্থডক্স চাহৰ ক্ষেত্ৰত বৰ্তমানে প্ৰতি কিল’গ্ৰাম চাহত চৰকাৰে প্ৰদান কৰি অহা ৰাজসাহায্য ৭ টকাৰ পৰা ১০ টকালৈ বৃদ্ধিৰ আশ্বাস। আনহাতে, চাহ শ্ৰমিকসকলক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত প্ৰদান কৰা ৰেচন ব্যৱস্থাটো অধিক সুসংগঠিত কৰি চাহ বাগিচাতে শ্ৰমিকসকলক ৰেচন প্ৰদানৰ অৰ্থে বাগিচা কৰ্তৃপক্ষক সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰ ল’বৰ বাবে আহ্বান জনায়।

চাহ বাগিচাৰ সকলো শ্ৰমিকক ৰেচন কাৰ্ড প্ৰদানৰ ব্যৱস্থা কৰাৰ বাবে আজিৰ বৈঠকত সিদ্ধান্ত লোৱা হয়।বৈঠকত মন্ত্ৰী অজন্তা নেওগ, সঞ্জয় কিষাণ, বিমল বড়া, অসম চাহ মজদুৰ সংঘৰ সভাপতি শ্ৰীপৱন সিং ঘাটোৱাৰ আৰু সাধাৰণ সম্পাদক তথা বিধায়ক শ্ৰীৰূপেশ গোৱালাৰ উপৰি শীৰ্ষস্থানীয় বিষয়াসকলৰ লগতে সংগঠনকেইটাৰ বিষয়ববীয়াসকলো উপস্থিত থাকে।

Related Articles