Breaking

হার্ডিক পাণ্ডিয়া আৰু নাটাছাৰ বিবাহ বিচ্ছেদ! আৱেগিক হাৰ্ডিক পাণ্ডিয়া…

0 35

অৱশেষত পত্নীৰ সৈতে বিবাহ বিচ্ছেদ হ’ল হাৰ্ডিক পাণ্ডিয়াৰ । ৪ বছৰৰ পিছত ঘটিল বিবাহ বিচ্ছেদ। বিবাহ বিচ্ছেদৰ পিছতেই আৱেগিক হৈ পৰিছে ক্ৰিকেটাৰগৰাকী।

বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে নাটাছা ষ্টেনকভিচ আৰু হাৰ্দিক পাণ্ডিয়াই বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰে।বিয়াৰ ৪ বছৰৰ পাছত দুয়োৰে বিচ্ছেদ হয়।ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি নাটাছা আৰু হাৰ্ডিকে নিজৰ বিচ্ছেদ নিশ্চিত কৰিছে। ইয়াৰ সমান্তৰালকৈ নাটাছা আৰু হাৰ্দিকে নিজৰ পুত্ৰ অগস্ত্যক সহ অভিভাৱকত্বৰ কথাও কৈছে।


নাটাছা ষ্টেনকভিচ আৰু হাৰ্দিক পাণ্ডিয়াই বিচ্ছেদৰ কথা ঘোষণা কৰিছে যদিও এতিয়ালৈকে দুয়োজনে ইনষ্টাগ্ৰামৰ পৰা বিয়াৰ ফটো আৰু মৰমলগা ৰোমান্টিক ভিডিঅ’ আঁতৰোৱা নাই। ইয়াৰ পৰা ক’ব পাৰি যে নাটাছা আৰু হাৰ্ডিকৰ মাজৰ ৰোমান্টিক সম্পৰ্ক শেষ হৈছে যদিও দুয়োজনে এতিয়াও ইজনে সিজনক সন্মান কৰে আৰু সন্মানজনক সম্পৰ্ক বজাই ৰাখে।

Leave A Reply

Your email address will not be published.