বিয়াৰ বাবে পৰিয়ালসহ উদয়পুৰত উপস্থিত হাৰ্ডিক পাণ্ডিয়া নাটাছা ষ্টানকভিচ। এইবাৰো তেওঁ পত্নী নাটাছা ষ্টেনকভিচক বিয়া কৰাবলৈ ওলাইছে যদিও এইবাৰ পদ্ধতি বেলেগ। এইবাৰ উদয়পুৰত হ’ব হাৰ্দিক আৰু নাটাছাৰ বিবাহ। দুয়োৰে বিবাহত পৰিয়াল আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱী উপস্থিত থাকিব। বিবাহৰ পূৰ্বে হাৰ্দিক পাণ্ডিয়া আৰু পত্নী নাটাছা ষ্টানকভিচে পৰিয়ালসহ উদয়পুৰত উপস্থিত হৈছে।
হাৰ্দিকৰ বিয়াৰ আগতে মেহেন্দী আৰু সংগীতৰ এটা ফাংচনো থাকিব। ইয়াৰ পিছত এই দম্পতীয়ে ১৪ ফেব্ৰুৱাৰী অৰ্থাৎ আজি পুনৰবাৰ বিবাহপাশত আবদ্ধ হ’ব। দুয়োৰে পৰিয়াল বিয়াৰ বাবে উদয়পুৰত উপস্থিত হৈছে। বিয়াৰ বাবে এখন বিলাসী হোটেল বুকিং কৰা হৈছে। অৱশ্যে এই বিবাহ সন্দৰ্ভত কোনো ধৰণে হাৰ্দিক বা নাটাছাৰ হৈ কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই। বিয়াত কিছু উৎসৱ হিন্দু পৰম্পৰাৰে পৰিচালিত হ’ব।
২০২০ চনৰ ৩১ মে’ত হাৰ্দিক আৰু নাটাছাৰ বিবাহ হয়, তেতিয়া দুয়োজনে আদালতৰ জৰিয়তে বিবাহ হয়। এতিয়া এই দম্পতীয়ে নিজৰ বিবাহক আড়ম্বৰপূৰ্ণ কৰি তোলাৰ কথা ভাবিছে।দুয়োজনে বিয়াৰ বাবে উদয়পুৰৰ এটা সুন্দৰ ৰাজপ্ৰসাদ বাছি লৈছে। বিয়াত অতিথিসকলক ৰাজস্থানী আৰু গুজৰাটী খাদ্য দিয়া হ’ব।
তাৎপৰ্যপূৰ্ণভাৱে এইকেইদিন টিম ইণ্ডিয়াই বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী খেলিছে। দলটোৱে ট্ৰফীৰ প্ৰথমখন খেলত জয়লাভ কৰে। এতিয়ালৈকে তেওঁ মাত্ৰ ১১খন টেষ্ট মেচহে খেলিছে।