Breaking

গুৱাহাটীৰ গীতানগৰত ‘হৰিনাম সংকীৰ্তন মহাযজ্ঞ আৰু হৰিকথা’ সম্পন্ন

0 1,580

সামাজিক সংস্থা ‘ চিআৰএচডিটি’ আৰু সংস্কৃতি সংৰক্ষণ আৰু বিকাশ কেন্দ্ৰ , অসমৰ উদ্যোগত গুৱাহাটীৰ গীতানগৰস্থিত শ্ৰীশ্ৰীপৰমানন্দ সেৱাশ্ৰমত দেওবাৰে ‘হৰিনাম সংকীৰ্তন মহাযজ্ঞ আৰু হৰিকথা ‘ সফলতাৰে সম্পন্ন হয়। অনুষ্ঠানটিত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে


গীতানগৰৰ ৱাৰ্ড কাউন্সেলৰ স্বপ্না দেৱী শৰ্মাই।গুৱাহাটী পৌৰ নিগমৰ মুখপাত্ৰ মনোজ কুমাৰ নাথৰ বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত বিশেষ অতিথি হিচাপে উপস্থিত থাকে আন্তজাৰ্তিক কৃষ্ণভাৱনামৃত সংঘ’ ( ইস্কন) ৰ প্ৰচাৰক পংকজ নাভ দাস আৰু ডঃ মনু প্ৰকাশ পাঠক । অনুষ্ঠানটিৰ সমন্বয়ৰক্ষী হিচাপে থাকে ‘ চিআৰএচডিটি’ সচিব ভাৰ্গৱ কলিতা। শলাগৰ শৰাই আগবঢ়াই সংস্কৃতি সংৰক্ষণ আৰু বিকাশ কেন্দ্ৰ , অসমৰ সঞ্চালক গৌতম শৰ্মাই ।

Leave A Reply

Your email address will not be published.