Haryana and Jammu Kashmir Election Result:কোনে চৰকাৰ গঠন কৰিবহাৰিয়ানা আৰু জম্মু-কাশ্মীৰত?

১০ অক্টোৱৰ, গুৱাহাটী:( Haryana and Jammu Kashmir Election Result) কাৰ হাতলৈ যাব জম্মু- কাশ্মীৰ আৰু হাৰিয়ানাৰ শাসন? পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে হাৰিয়ানা আৰু জম্মু- কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা। হাৰিয়ানাত এই মুহূৰ্তত ৪৬খন আসনেৰে বিজেপিয়ে অগ্ৰগতি লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ আগবাঢ়ি আছে ৩৭খন আসনত। লগতে অন্যান্য দলে লাভ কৰিছে ৭খন আসন।প্ৰায় ৬১ শতাংশ ভোটদান কৰিছিল হাৰিয়ানাৰ জনতাই। এতিয়া অপেক্ষা মাত্ৰ কেইটামান ঘন্টাৰ।

ৰাজ্যখনত ১০ বছৰৰ পাছত কংগ্ৰেছে চৰকাৰ গঠন কৰিব নে বিজেপিয়ে জয়ৰ হেট্ৰিক কৰিব হাৰিয়ানাত ? জম্মু- কাশ্মীৰত পৰাজয়ৰ দিশে বিজেপি এইবাৰ জম্মু- কাশ্মীৰত পৰাজয়ৰ দিশে বিজেপি। ইয়াত কংগ্ৰেছ-ৰাষ্ট্ৰীয় সন্মিলনৰ মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিব বুলি অনুমান কৰা হৈছে। বৰ্তমান সময়ত বিজেপিয়ে যেন ২৫খন আসন, পিডিপিয়ে ৫খন আৰু আনসকলে ৯খন আসন লাভ কৰিছে ।

Related Articles