Haryana Assembly Election Result 2024: হাৰিয়ানাত বৃহৎ পৰিৱৰ্তন, আগবাঢ়ি থকা কংগ্ৰেছ হঠাতে পিছ পৰিল; চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে বিজেপি

Haryana Assembly Election Result 2024: কিছু সময়ৰ পাছতে স্পষ্ট হ’ব হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ফলাফল।কিন্তু ইয়াৰ মাজতে ৰাজ্যখনৰ ৰাজনৈতিক প্ৰেক্ষাপটত দেখিবলৈ পোৱা গৈছে এক বৃহৎ পৰিৱৰ্তন। প্ৰাৰম্ভিক পৰ্যায়ত আগবাঢ়ি থকা কংগ্ৰেছ হঠাতে পিছ পৰি গৈছে । একে সময়তে ধাৰা সলনি কৰি বিজেপিয়ে দ্ৰুতগতিত সংখ্যাগৰিষ্ঠতাৰ দিশে আগবাঢ়িছে (BJP leads Haryana elections) । পুৱা ১০ বজালৈকে ট্ৰেণ্ডত কংগ্ৰেছে ৬০ খনতকৈও অধিক আসনত আগবাঢ়ি আছিল যদিও কিছু সময়ৰ পাছত বিজেপিয়ে সলনি কৰি তুলিলে প্ৰেক্ষাপট ।

বিজেপিয়ে বৰ্তমান এক শক্তিশালী প্ৰত্যাৱৰ্তনেৰে ৪৭খন আসনত আগবাঢ়ি আছে । নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি কংগ্ৰেছৰ আসন ৬৫ ৰ পৰা ৩২ খনলৈ হ্ৰাস পাইছে (Congress falls behind in Haryana)। কিছু সময়ৰ বাবে যদি এই ধাৰাটো এনেদৰেই অব্যাহত থাকে তেন্তে হাৰিয়ানাৰ নিৰ্বাচনৰ ফলাফলত এক বৃহৎ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব পাৰে ।

পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰ দিশে আগবাঢ়িছে বিজেপি

বিভিন্ন টিভি চেনেলত অহা ট্ৰেণ্ডত বিজেপিয়ে এক বাম্পাৰ লিড দেখিবলৈ পাইছে। ট্ৰেণ্ড অনুসৰি, সংখ্যাগৰিষ্ঠতা লাভ কৰিছে বিজেপিয়ে(Haryana election trends 2024)। চেনেলসমূহৰ মতে, বৰ্তমান বিজেপিয়ে ৪৮খন আসনত আগবাঢ়ি আছে। একে সময়তে কংগ্ৰেছে এতিয়া ৩৭খন আসনলৈ নামি আহিছে (BJP vs Congress Haryana election)। ইয়াৰ পৰা এই কথা স্পষ্ট হৈছে যে যদি ধাৰাটো এনেকৈয়ে থাকে তেন্তে বিজেপিয়ে চৰকাৰ গঠনৰ দিশত আগবাঢ়িছে। লগতে স্পষ্ট হৈ পৰিছে যে বিজেপিয়ে আকৌ এবাৰ দৌৰত আহিছে। উল্লেখ্য যে, মুঠ ৯০খন বিধানসভাৰ আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা হোৱা হাৰিয়ানাত চৰকাৰ গঠনৰ বাবে ৪৬খন আসনৰ প্ৰয়োজন(Haryana assembly seats majority)।

Related Articles