হাৰিয়ানাৰ কনিষ্ঠতম বিধায়ক ভৱ্য বিষ্ণয়ৰ এংগেজমেণ্ট আইএএছ বিষয়া পৰি বিষ্ণয়ৰ সৈতে। হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভজন লালৰ নাতি আৰু বৰ্তমানৰ বিজেপি নেতা কুলদীপ বিষ্ণয়ৰৰ পুত্ৰ ত্ৰিশ বছৰীয়া ভৱ্য বিষ্ণয়।মঙলবাৰে অনুষ্ঠিত এক অনুষ্ঠানত হাৰিয়ানাৰ কনিষ্ঠতম বিধানসভাৰ সদস্য ভৱ্য বিষ্ণয়ৰ সৈতে আইএএছ বিষয়া পৰি বিষ্ণয়ৰ এংগেজমেণ্ট অনুষ্ঠান সম্পন্ন হয়। ৰাজস্থানৰ বিকানেৰৰ মুকামৰ এখন ৰিজ’ৰ্টত অনুষ্ঠিত হয় এই অনুষ্ঠান।
ৰাজস্থানৰ বিকানেৰ জিলাৰ পৰা অহা পৰি বিষ্ণয় বৰ্তমান ছিকিম কেডাৰত পদবীত আছে। ২০১৯ বৰ্ষৰ ইউ পি এছ চি পৰীক্ষাত ২০২০ বেচৰ আই এ এছ বিষয়া গৰাকীয়ে ৩০ নম্বৰ স্থান লাভ কৰে।ভৱ বিষ্ণয়, পিতৃ-মাতৃ, আত্মীয়-স্বজন, বন্ধু-বান্ধৱীয়ে আজি হিছাৰস্থিত তেওঁলোকৰ বাসগৃহত উদযাপন অনুষ্ঠান অনুষ্ঠিত কৰি বিকানেৰলৈ ৰাওনা হয়। শেহতীয়াকৈ কংগ্ৰেছ ত্যাগ কৰা ভৱ্য বিষ্ণয় আৰু জ্যেষ্ঠ বিষ্ণোই বিকানেৰলৈ ৰাওনা হোৱাৰ পূৰ্বে পুৱা সমৰ্থকসকলক সাক্ষাৎ কৰে।ভৱ্যৰ ভাতৃ চেতনয়ৰো অলপতে এংগেজমেণ্ট হৈছিল। বছৰৰ শেষত দুয়ো দম্পতী – ভৱ্য-পৰী আৰু চেতন্য-সৃষ্টিৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে পৰিয়ালটোৱে।
বিগত বছৰত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত প্ৰথমবাৰৰ বাবে বিজেপিৰ টিকটত আদমপুৰৰ পৰা বিধায়ক হৈছিল ভব্য। কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰি আসন খালী কৰা কুলদীপ বিষ্ণোইয়ে উপ-নিৰ্বাচনৰ প্ৰয়োজনীয়তা সৃষ্টি কৰিছিল। ইয়াৰ পূৰ্বে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত হিছাৰৰ পৰা কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছিল ভব্য বিষ্ণয়ে, কিন্তু বিজেপিৰ ব্রিজেন্দ্ৰ সিঙৰ হাতত পৰাস্ত হৈছিল।