বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত পৃথিৱীখন বহুত আগবাঢ়ি গৈছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত মানুহৰ জীৱনত বহুতো পৰিৱৰ্তন সাধন কৰিবলৈ বিজ্ঞানী সকলে সক্ষম হৈছে। পৃথিৱীত যি কাম মানুহৰ দ্বাৰা কৰাটো সম্ভৱ নহয় তেনেকুৱা কাম বিজ্ঞানী সকলে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত সম্পন্ন কৰিবলৈ সক্ষম হৈছে। এনে ক্ষেত্ৰত যদি আমি এক পৰ্যালোচনা কৰিবলৈ যাওঁ তেনেহলে দেখিবলৈ পাম যে পৃথিৱীৰ প্ৰতিটো প্ৰান্ততে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত দ্ৰুত বিকাশ আৰু উন্নত আন্তঃগাঁথনি সৃষ্টি সম্ভৱ হৈ উঠিছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই প্ৰকৃতিৰ যি প্ৰত্যাহ্বান সেয়া ৰোধ কৰিবলৈ সক্ষম হৈছে নে? এইটো আমাৰ সন্মুখত উত্থাপিত হোৱা এক বৃহৎ প্ৰশ্ন। আচলতে বৰ্তমান সমগ্ৰ দেশৰ কিছু প্ৰান্তৰ লগতে আমাৰ ৰাজ্যখনৰো প্ৰায় প্ৰতিটো স্থানতে সাগৰীয় ঘূৰ্ণি বতাহ ৰেমালৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। ৰেমাল নামেৰে নামাকৰণ কৰা এই ঘূৰ্ণি বতাহ জাকৰ বাবে সমগ্ৰ অসমতে বিস্তৰ ক্ষতিসাধন হোৱাৰ বাতৰি আহিছে।
ঘূৰ্ণি বতাহ জাকৰ ফলত বিস্তৰ ক্ষতি হোৱা অঞ্চল সমূহত ঘণ্টাৰ পিছত ঘন্টা ধৰি বিদ্যুতৰ যোগান ব্যাহত হৈছে। কোনো ঠাইত ৰাস্তাৰ ওপৰত গছ-গছনি উভালি পৰিছে, কোনো ঠাইত আকৌ গছৰ ডাল ছিঙি চলন্ত গাড়ীৰ ওপৰত পৰিছে। ঘূৰ্ণি বতাহ জাকৰ সংহাৰী ৰূপৰ ফলত বহু ঠাইত বহু লোকৰ প্ৰাণ হানি হোৱাৰ উপৰিও বহু লোক আহত হৈছে। শ শ লোক গৃহহীন হব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। এই প্ৰতিকূল বতৰৰ ফলত আমি সচাকৈ আকৌ এবাৰ এক নিষ্টলজিয়াৰ মাজলৈ উভতি যাবলৈ বাধ্য হৈ পৰিছো। আমি এদিনৰ বাবে হলেও অতীতৰ সেই দিনবোৰৰ মাজলৈ উভতি যাবলৈ বাধ্য হৈ পৰিলো। যি দিনত বিদ্যুতৰ পোহৰৰ পৰিবৰ্তে কেৰাচিন তেলৰ চাকি আৰু লেম্পৰ উপৰিও মম বাতিৰ পোহৰে উজলাই ৰাখিছিল প্ৰতিটো ঘৰৰ ভিতৰচ’ৰা। তেতিয়া হয়তো কোনেও অনুভৱ কৰা নাছিল বিদ্যুতৰ অবিহনে যে এদিন জীৱন অতিবাহিত কৰিবলৈ মানুহ অসহায় হৈ পৰিব। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত মানুহে এই ঘূৰ্ণি বতাহ যাক কেতিয়া কত প্ৰৱেশ কৰিব, কিমান গতিবেগত এই বতাহজাকে প্ৰৱেশ কৰিব এই সকলোবোৰৰ সম্ভাব্য তথ্য আগতিয়ালৈ লাভ কৰিবলৈ সক্ষম হৈছিল। কোন স্থানত এই ঘূৰ্ণি বতাহজাকে বেছি ক্ষতি সাধন কৰিব, কোন স্থানত এই ঘূৰ্ণি বতাহজাকৰ বাবে অত্যাধিক বৃষ্টিপাত হব এই সকলোবোৰ সম্ভাব্য তথ্য বতৰবিজ্ঞান কেন্দ্ৰই আগতীয়াকৈ জনহিতাৰ্থে প্ৰকাশ কৰিছিল। এই সকলোবোৰ সাম্ভাব্য তথ্য লাভ কৰাৰ পিছতো কিন্তু এই প্ৰাকৃতিক দুৰ্যোগৰ পৰা যি ক্ষয়-ক্ষতি হল তাক ৰোধ কৰাত যেন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা একপ্ৰকাৰে বিফল হ’ল। এইয়া যদিও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ পৰাজয় বুলি এককথাত কোৱাটো উচিত নহব তথাপিও কিন্তু এটা কথা স্পষ্ট যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই প্ৰকৃতিৰ যি সংহাৰী ৰূপ তাক ৰোধ কৰিবলৈ সক্ষম হোৱা নাই। কেৱল আগতীয়াকৈ সাম্ভাব্য সতৰ্কবাণী প্ৰদান কৰাৰ ক্ষেত্ৰতহে সফলতা লাভ কৰিছে। এইয়া যে কেৱল বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উত্তৰণনৰ বাবেহে সম্ভৱ হৈছে তাক কোনেও নুই কৰিব নোৱাৰে। ৰিমেল নামৰ ঘূৰ্ণি বতাহাজক এক উদাহৰণহে মাথোঁ। এনে ধৰণৰ বহু প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লোকে হৈ আছে। কিছু সংখ্যক প্ৰাকৃতিক দুৰ্যোগ মানৱ সৃষ্ট নহয় যদিও কিন্তু অধিকাংশ প্ৰাকৃতিক দুৰ্যোগৰ আঁৰত মানৱ সমাজৰ দ্বাৰা কৰা কৰ্মৰ যথেষ্ট প্ৰভাৱ থাকে। সেয়া কিছু ক্ষেত্ৰত পৰোক্ষ আৰু কিছু ক্ষেত্ৰত প্ৰত্যক্ষ কাৰণ জড়িত হৈ থাকে। এনেধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ যি পৰিস্থিতি সেই পৰিস্থিতি সমূহৰ পৰা আমি যথেষ্ট জ্ঞান আহৰণ কৰাৰ থল আছে।
প্ৰকৃতিক যদি আমি সুস্থ কৰি ৰাখিব নোৱাৰো তেনেহলে আমিও যে সুস্থ জীৱন ধাৰণৰ পৰিবেশ লাভ কৰিবলৈ অসুবিধা হব সেই কথা প্ৰতিগৰাকী লোকে অনুধাৱন কৰাটো জৰুৰী। প্ৰকৃতিৰ বাবেহে পৃথিৱীত মানুহ জীয়াই থকাটো সম্ভৱ হৈ উঠিছে গতিকে প্ৰকৃতিক জীয়াই ৰখাটো পৃথিৱীৰ প্ৰতিগৰাকী ব্যক্তিৰে নৈতিক দায়িত্ব আৰু কৰ্তব্য। অন্যথা আমি যিমানেই বিজ্ঞান আৰু তথ্য প্ৰযুক্তিবিদ্যাৰ দিশত উত্তৰণ নকৰোঁ লাগিলে তথাপিও কিন্তু প্ৰতিটো পলতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই প্ৰকৃতিৰ বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈ থাকিব লাগিব।প্ৰকৃতিক জীয়াই ৰাখি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই লাভ কৰা সফলতাহে চিৰস্থায়ী হব। প্ৰকৃতি বিনষ্ট কৰি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই যিমান সফলতা লাভ কৰিলেও সেয়া কিন্তু মানৱ সমাজৰ বাবে আশীৰ্বাদৰ পৰিবৰ্তে অভিশাপ হিচাপেহে চিহ্নিত হোৱাটো নিশ্চিত।প্ৰকৃতিয়ে মানুহক জীয়াই থাকিবলৈ সুবিধা দিছে কিন্তু মানুহে প্ৰকৃতিক ধ্বংস কৰাতহে অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। মানুহে প্ৰকৃতিক জীয়াই থাকিবলৈ দিব লাগিব তেতিয়াহে প্ৰকৃতিয়ে মানুহকো জীয়াই থাকিবলৈ দিব।
লেখকঃ দেবর্ষি গৌতম