লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত মানসিক চাপ বাঢ়িছে নেকি, এই ৫ টা খাদ্য খোৱাৰ আৰম্ভ কৰক…

মানসিক চাপ গ্ৰহণ কৰাটো স্বাস্থ্যৰ বাবে ভাল নহয়। কিন্তু এই মুহূৰ্তত দেশত লোকসভা নিৰ্বাচনৰ গণনাই বহুতৰে মানসিক চাপ বৃদ্ধি কৰিছে। এইবাৰৰ নিৰ্বাচনৰ ফলাফলো অতি আকৰ্ষণীয়। ইণ্ডিয়া আৰু বিজেপিৰ মাজত তীব্ৰ প্ৰতিযোগিতা। এনে পৰিস্থিতিত কিছুমান খাদ্যই আপোনাৰ মনটোক টেনচনমুক্ত কৰি ৰখাত সহায় কৰিব পাৰে। মানসিক চাপৰ মাত্ৰা কম কৰিবলৈ আপুনিও এই সমূহ খাদ্য খাবলৈ আৰম্ভ কৰিব পাৰে-

মানসিক চাপ কমোৱাত দৈ ফলপ্ৰসূ। আচলতে দৈত পোৱা প্ৰ’বায়’টিকবোৰ অন্ত্ৰৰ বাবে উপকাৰী, যিয়ে মানসিক চাপ হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ উপৰিও দৈত থকা কেলচিয়ামেও মানসিক চাপ কমোৱাত সহায় কৰে।

অলপ ডাৰ্ক চকলেটে মানসিক চাপৰ সময়ত মেজাজ উন্নত কৰাত সহায় কৰে। আচলতে ইয়াত থকা কোকাই এণ্ড’ৰ্ফিন নামৰ ৰাসায়নিক পদাৰ্থ নিৰ্গত কৰাত সহায় কৰে, যাৰ ফলত মনটো শান্ত আৰু সুখী অনুভৱ হয়।

বাদাম যেনে আলমণ্ড, আখৰোট, কাজুত প্ৰচুৰ পৰিমাণে ভিটামিন ই, মেগনেছিয়াম আৰু ওমেগা-৩ ফেটি এচিড থাকে। এই পুষ্টিকৰ উপাদানসমূহে মানসিক চাপ কমোৱাত আৰু মনক শান্ত কৰি ৰখাত সহায় কৰে।

কলৰ পটাছিয়ামৰ উৎকৃষ্ট উৎস। পটাছিয়ামে শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে, যাৰ ফলত মানসিক চাপ কমি যায়। ইয়াৰ উপৰিও কলত থকা ভিটামিন বি ৬ য়েও মানসিক চাপ কমোৱাত সহায় কৰে।

Related Articles