চুলি সৰিছে নেকি? এই ৫ টা খাদ্যৰ ওপৰত দিয়ক গুৰুত্ব…

চুলি সৰিছে নেকি? এই ৫ টা খাদ্যৰ ওপৰত দিয়ক গুৰুত্ব। চুলি সৰা সমস্যা মহিলা সকলৰ বাবে এক ডাঙৰ সমস্যা। চুলি পাতল হোৱা, মূৰৰ ছালত উফি হোৱাৰ বাবে কেতিয়াবা লাজৰো সন্মুখীন হ’বলগীয়া হয়। যদি আপুনি চুলি সৰাকে ধৰি চুলিৰ সকলো সমস্যাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে তেন্তে আজিৰ পৰাই ৫টা ছুপাৰফুড খাবলৈ আৰম্ভ কৰক। জানি লওক এই ৫টা ছুপাৰফুডৰ বিষয়ে-

সেউজীয়া শাক-পাচলিৰ ভিতৰত কচুক অন্যতম উত্তম খাদ্য সামগ্ৰী হিচাপে গণ্য কৰা হয়। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন বি, ফলেট আৰু আইৰণ থাকে, যিয়ে চুলিৰ বৃদ্ধিত সহায় কৰে, লগতে চুলি সৰা সমস্যাৰ অন্ত পেলায়।

যদি আপুনি নিৰামিষভোজী আৰু আপোনাৰ চুলি সৰা সমস্যা আছে, তেন্তে আজিৰে পৰা চৰ্বিযুক্ত মাছ খাবলৈ আৰম্ভ কৰক। কাৰণ ইয়াত ভিটামিন এ আৰু ওমেগা-২ ফেটি এচিড থাকে, যিয়ে চেবাম উৎপাদনত সহায় কৰে আৰু চুলিৰ বৃদ্ধি কৰে।

জামুক এবিধ সুস্বাদু ফল, যি এন্টিঅক্সিডেন্ট আৰু ভিটামিন চিৰ সমৃদ্ধ উৎস বুলি জনা যায়। এই ফল খালে কলাজেন উৎপাদনত সহায় হয়, যাৰ বাবে চুলিৰ শিপা শক্তিশালী হৈ পৰে।

মেথিৰ গুটি চুলিৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। ইয়াত ভিটামিন ই পোৱা যায়, যিটো চুলি সৰাৰ বাবে ঔষধ বুলি গণ্য কৰা হয়। ৰাতিপুৱা শুই উঠিয়ে এচামুচ মেথি গুটি এগিলাচ পানীত লৈ পানী খাব লাগে।

প্ৰটিন আৰু বায়টিন প্ৰচুৰ পৰিমাণে কণীত পোৱা যায়, যি চুলিৰ বাবে অপৰিহাৰ্য উপাদান। এইবোৰৰ দ্বাৰা কেৰটিন উৎপন্ন হয়, যিয়ে চুলিক শক্তি প্ৰদান কৰে আৰু লাহে লাহে চুলি সৰা সমস্যাৰ অন্ত পেলায়।

Related Articles