Breaking

বাংলাদেশৰ হিন্দু নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰিব বিচাৰিছে প্ৰধানমন্ত্ৰীয়ে! জো বাইডেনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মোদীৰ…

0 18

জনপ্ৰতিবাদৰ বাবে ৫ আগষ্টত প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি ভাৰতলৈ আহে হাছিনা। ইয়াৰ পিছত বাংলাদেশত হিন্দুকে ধৰি সংখ্যালঘু লোকৰ ওপৰত অত্যাচাৰ আৰু ধৰ্মীয় স্থান ভাঙি পেলোৱাৰ বহু অভিযোগ উত্থাপন হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে হোৱা ফোন বাৰ্তালাপৰ অন্তত তেওঁলোকৰ কথোপকথনৰ বিষয়ে এক্স হেণ্ডেলত লিখিছে, ‘আমি বাংলাদেশৰ পৰিস্থিতিৰ ওপৰতো আলোচনা কৰিলোঁ আৰু স্বাভাৱিক অৱস্থা ক্ষিপ্ৰতাৰে পুনৰ ঘূৰাই অনাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিলোঁ। বাংলাদেশত সংখ্যালঘু, বিশেষকৈ হিন্দুসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে।

আনহাতে ১৫ আগষ্টত ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে দিল্লীৰ লালকিল্লাত দেশবাসীক দিয়া ভাষণত এই সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে মোদীয়ে। তেওঁ কয়, ‘বাংলাদেশত সংখ্যালঘুৰ সুৰক্ষাক লৈ চিন্তিত ১৪ বিলিয়ন ভাৰতীয় হিন্দু। ভাৰত সদায় বাংলাদেশৰ শুভাকাংক্ষী। ভাৰতে বিচাৰে বাংলাদেশৰ প্ৰগতি। আমি আশা কৰোঁ বাংলাদেশৰ পৰিস্থিতি অতি সোনকালে স্বাভাৱিক হ’ব। ভাৰতীয়ই বাংলাদেশত হিন্দুকে ধৰি সকলো সংখ্যালঘুৰ বাবে নিৰাপত্তা বিচাৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে সোমবাৰে বাইডেনৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপতো ইউক্ৰেইনৰ সন্দৰ্ভতে আলোচনা কৰে।

Leave A Reply

Your email address will not be published.