৫ দিন ধৰি অন্ধকাৰত হাটিঙা বড়ি গাঁও

বিদ্যুতৰ লুকাভাকুৱে সাধাৰণ ৰাইজক জ্বলাকলা খুৱাই থকাৰ সময়তে বিগত ৫ দিন ধৰি বিদ্যুতৰ অভাৱত অন্ধকাৰত ডুব যোৱা হাটিঙা বড়িৰ লোকসকল অতিষ্ঠ হৈ বুধবাৰে জামুগুৰি বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয়ত উপস্থিত হৈ উপ সংমণ্ডল বিষয়াগৰাকীক তীব্ৰ বাক্যবানেৰে থকা সৰকা কৰে৷

৫ দিন ধৰি বিদ্যুৎ নাই জামুগুৰিহাটৰ এখন গাঁৱত৷ নিশা হ’লেই অন্ধকাৰত ডুব যোৱা গাঁওখনৰ লোকসকলে পোহৰৰ অভাৱত খাদ্য ৰান্ধিব নোৱাৰি গ্ৰহণ কৰিব লগা হৈছে বিয়াঘৰৰপৰা অনা দৈ কোমল চাউল৷ নিশা টোপনি অহাৰ পূৰ্ৱে গৰমত খুলি থ’ব লগা হয় ঘৰৰ খিড়িকি৷

এইদৰেই দিন পাৰ কৰিছে জামুগুৰিহাটৰ হাটিঙা বৰি গাঁৱৰ লোকসকলে৷ সেয়ে বুধবাৰে অতিষ্ঠ হৈ জামুগুৰি বিদ্যুৎ উপ সংমণ্ডল কাৰ্যালয়ত কোলাত কেচুৱা লৈ মহিলাসকলৰ লগতে পুৰুষসকলেও প্ৰতিবাদ কৰি উপ সংমণ্ডল বিষয়াগৰাকীক তীব্ৰ বাক্যবানেৰে থকাসৰকা কৰে৷ ৰাইজৰ বাক্যবানত বিষয়াগৰাকীয়ে শীঘ্ৰে বিদ্যুৎ যোগান দিয়াৰ প্ৰস্তুতি কৰিব বুলি প্ৰতিশ্ৰুতি দিয়াতহে ক্ষান্ত হয় ভুক্তভোগী লোকসকল৷

-জোন বৰা, জামুগুৰিহাট

Related Articles