পূব যোৰহাটৰ ঐতিহ্য মণ্ডিত ঠাই মেলেং আমলখি চিগা হাতীশালক পৰ্যটন স্থলী হিচাপে গঢ়ি তুলিছে । প্ৰবাদ অনুসৰি আহোম ৰজা প্ৰতাপ সিংহই এই হাতীশালতে হাতী বন্দী কৰি থৈছিল । এই হাতীশাল ৰূপে পৰিচিত ঠাইতে ‘হাতীশাল ই’ক পার্ক’ নামেৰে গঢ়ি তোলা হৈছে পৰ্যটন ক্ষেত্ৰ । পূৱ যোৰহাটৰ লাহদৈগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় দহ কিলোমিটাৰ নিলগত কেইজনমান স্থানীয় যুৱকে গঢ়ি তুলিছে এই পৰ্যটন ক্ষেত্ৰ । প্ৰচুৰ সম্ভাৱনা থকা আমলখি চিগা জাঁজীমুখ হাতীশালত এই যুৱক সকলে নিজৰ প্ৰচেষ্টাৰে নিজা সপোন পূৰণ কৰিবলৈ সক্ষম হৈছে ।
উল্লেখ যে ডিচেম্বৰ – জানুৱাৰী মাহত ৰাজ্যৰ পৰ্যটন স্থলী সমূহত বনভোজ প্ৰেমীৰ ভীৰ হোৱাৰ সমান্তৰাল ভাৱে জাঁজীমুখত হাতীশালত এক ই’ক টুৰিজিম ক্ষেত্ৰ শনিবাৰে আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা হয়। হৰেন,দীপাংকৰ, সংকল্প, মৃগাংক, বিমল, ৰাম প্ৰসাদ , বিদ্যুৎ, ধীৰেনকে প্ৰমুখ্যে কৰি কেইজনমান যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উঠা এই ই’ক টুৰিজিম ক্ষেত্ৰ খন শনিবাৰে ৰাইজৰ বাবে মুকলি কৰে। হাতীশাল ই’ক পাৰ্কৰ দুৱাৰ মুকলি কৰি শুভাৰম্ভ কৰা অনুস্থানটোত বন্তি প্ৰজ্বলন কৰে স্থানীয় অৱসৰ প্ৰাপ্ত শিক্ষক জিতেন শৰ্মাই । ইয়াৰ পিছতে জাঁজীমুখ হাতীশাল সম্পৰ্কত ইতিবৃত্ত পাঠ কৰি শুভেচ্ছা মূলক বক্তব্য দাঙি ধৰে সমাজ কৰ্মী মুকুল বৰা,যাদৱ পাঁচনি ,হিমেশ্বৰ বৰুৱাই । শিশু উদ্যান ,কৃষি পাম, ঘোঁৰা ছালনা, শিশুৰ মনোৰঞ্জনৰ আহিলা সমৃদ্ধ হালধীয়া সৰিয়হৰ বাকৰিত নৱ প্ৰজন্মক চিনাকি কৰিবলৈ বাঁহৰ সঁজুলি নিৰ্মাণৰ মিউজিয়াম সহ সুন্দৰ ভাৱে সজাই তুলিছে হাতীশাল ই’ক পাৰ্ক । এই ই’ক পাৰ্কত বনভোজ প্ৰেমীৰ বাবে সকলো ব্যৱস্থা সুন্দৰ ভাৱে আগবঢ়াই দিছে এই উদ্যমী যুৱক সকলে । অনাগত দিনত হাতীশাল ই’ক পার্কে পৰ্যটন ক্ষেত্ৰৰ লগতে জাঁজীমুখৰ এক সুদূৰ ইতিবাচক বাৰ্তা দিব বুলি দৃঢ় বিশ্বাসী উদ্যমী যুৱক সকল।
বিৰাজ কুমাৰ বৰা,কাকজান