‘ভিটামিন পি’ৰ কথা কেতিয়াবা শুনিছেনে? এই ভিটামিন শৰীৰৰ বাবে কিয় ইমান গুৰুত্বপূৰ্ণ…

‘ভিটামিন পি’ৰ কথা কেতিয়াবা শুনিছেনে? এই ভিটামিন শৰীৰৰ বাবে কিয় ইমান গুৰুত্বপূৰ্ণ জানেনে। আপুনি নিশ্চয় ভিটামিন এ, বি, চি, ডি, ই আৰু কেৰ কথা শুনিছে। কিন্তু ‘ভিটামিন পি’ৰ কথা কেতিয়াবা শুনিছেনে। আচলতে ভিটামিন পি হৈছে ফাইটোনিউট্ৰিয়েণ্ট, যিবোৰক এন্টিঅক্সিডেন্ট গুণেৰে সমৃদ্ধ বুলি গণ্য কৰা হয়। আন ভিটামিনৰ দৰে ভিটামিন পিৰো বহু উপকাৰ আছে। ৰুটিন, হেস্পেৰিডিন আৰু কুৱেৰচেটিনৰ দৰে বায়’ফ্লেভন’ইড বিভিন্ন ধৰণৰ ফল-মূল, শাক-পাচলি আৰু উদ্ভিদ ভিত্তিক খাদ্য সামগ্ৰীত পোৱা যায়।

ভিটামিন ‘পি’ত বায়’ফ্লেভন’ইডত এন্টিঅক্সিডেন্ট গুণ পোৱা যায়। অৰ্থাৎ ইহঁতে ফ্ৰী ৰেডিকেলৰ দৰে ক্ষতিকাৰক অণুৰ দ্বাৰা হোৱা ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰে। এন্টিঅক্সিডেন্টে উন্নত স্বাস্থ্য বজাই ৰাখিবলৈ কাম কৰে। ইয়াৰ দ্বাৰা ডায়েবেটিছ, হৃদৰোগ, কেন্সাৰ আদি গুৰুতৰ ৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে।

আনহাতে, কুৱেৰচেটিন যৌগে ৰক্তচাপ নিয়ন্ত্ৰণ কৰি, ৰক্তবাহী নলীৰ কাৰ্য্যক্ষমতা আৰু কলেষ্টেৰলৰ বিপাকীয় ক্ৰিয়া উন্নত কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি সাধন কৰে। যদি আমি বায়’ফ্লেভন’ইড সমৃদ্ধ ফলমূল আৰু শাক-পাচলিৰ কথা কওঁ, তেন্তে ইয়াৰ ভিতৰত জামু, ছাইট্ৰাছ ফল আৰু গাঢ় সেউজীয়া পাত ইত্যাদি।

এক প্ৰতিবেদন অনুসৰি যদি আপুনি ৩০০ মিলিগ্ৰাম ফ্লেভন’ইড সেৱন কৰে, তেন্তে ডায়েবেটিছৰ সম্ভাৱনা ৫ শতাংশ হ্ৰাস পায়। বায়’ফ্লেভন’ইড পাবলৈ আপুনি ছাইট্ৰাছ ফল, আপেল, গ্ৰীণ টি, জামু, ডাৰ্ক চকলেট, ব্ৰকলি, সেউজীয়া পাতৰ শাক-পাচলি আৰু ৰেড ৱাইন খাব পাৰে।


Related Articles