Breaking

এজিউৰ পাৱাৰ কোম্পানীৰ প্ৰকল্প নিৰ্মানত উচ্চ ন্যায়ালয়ে জাৰি কৰা নাই স্থগিতাদেশ : নগাঁৱত সংবাদ মেলত এজিউৰ কোম্পানীৰ দাবী

0 2,071

নগাঁও জিলাৰ বঢমপুৰ বিধান সভা সমষ্টি  আৰু চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত মিকিৰ বামুনি গ্ৰান্তত এজিউৰ পাৱাৰ কোম্পানীয়ে সৌৰ শক্তি প্ৰকল্পৰ ভূমিত গুৱাহাটী উচ্চ ন্যায়ালয়ে কোনো স্থগিতাদেশ ঘোষনা কৰা নাই বুলি আজি নগাঁও চহৰত আয়োজন কৰা এক সংবাদ মেলত এই কথা জানিবলৈ দিয়ে। তেওঁলোকে জানিবলৈ দিয়ে যে মিকিৰ বামুণী গ্ৰান্টত ১৫ মেগাৱট সৌৰ উৰ্জা প্লান্টৰ বাবে ক্ৰয় কৰা ভূমি হিতাধিকাৰী লগত আলোচনা কৰি আইনগতভাৱে কৰা হৈছে।  এজিউৰ পাৱাৰ ফ’টি প্ৰাইভেট লিমিটেডে জনাইছে যে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত লিখিত দলিল ডব্লিউ পি (চি)৭৫৩/২১ আবেদন কৰা হৈছিল । নগাঁৱৰ মিকিৰ বামুনি গ্ৰান্তত ৰাজ্যৰ ভিতৰতে সৰ্ব বৃহৎ সৌৰ প্ৰকল্প স্থাপনৰ বাবে অসম শক্তি বিতৰন কোম্পানী লিমিটেডৰ পৰা প্ৰতিযোগিতা মূলক লিলামৰ দ্বাৰা অনুমোদন লাভ কৰিছিল । উচ্চ ন্যায়ালয়ত এই সন্দৰ্ভত দাখিল কৰা আবেদন খনৰ তালিকাকৰন আৰু শুনানী কৰন ৫ মাৰ্চত গ্ৰহণ কৰা হয় । এজিউৰ কোম্পানীয়ে জানিবলৈ দিয়া মতে উচ্চ ন্যায়ালয়ে ৫ মাৰ্চত জাৰি কৰা নিৰ্দেশ অনুসৰি ভূমি অধিগ্ৰহণ সন্দৰ্ভত দুয়ো পক্ষই বৰ্তমান যি অৱস্থা চলি আছে সেয়া বৰ্তাই ৰাখিব লাগিব । এই প্ৰকল্পৰ ভূমি চামগুৰি ৰাজহ চক্ৰই ২০২০ চনৰ ৪ অক্টোবৰত কোম্পানীটোক গটাই দিছিল । এজিউৰ কোম্পানীটোৱে জনোৱা মতে ২০২০ ৰ ২৯ চেপ্তেম্বৰত ( দলিল নম্বৰৰ ৭৪ / ২০২০ ) ৰ এজিউৰ পাৱাৰ বনাম লক্ষীৰাম মাৰ্দি আৰু আন ১৪ গৰাকীৰ আবেদন পুনৰীক্ষন কৰা হৈছিল আৰু তেতিয়াৰ পৰাই প্ৰকল্পৰ বাবে ভূমি অধিকৃত কৰা হৈছে আৰু প্ৰকল্পৰ নিৰ্মানো পূৰ্ন গতিত চলি আছে । লগতে কোম্পানীয়ে উল্লেখ কৰিছে যে ১ মাৰ্চত জাৰি কৰা আই এ ( চিভিল )   নম্বৰ ৫২৮/ ২১ ত যি আবেদন কৰিছিল বীৰ সিং ক্ৰই ,  এই সন্দৰ্ভত গুৱাহাটীৰ উচ্চ ন্যায়ালয় দুয়ো পক্ষৰ ভূমি অধিগ্ৰহন সন্দৰ্ভত বৰ্তমান যি অৱস্থা চলি আছে সেয়া বৰ্তাই ৰখা নিৰ্দেশ জাৰি কৰাৰ বাবে কোম্পানী লাভবান হৈছে । যিহেতু ভূমি খিনি কোম্পানীৰ অধিনত আৰু নিয়ন্ত্ৰণত আছিল । ৫ মাৰ্চত উচ্চ ন্যায়ালয়ে কোনো স্থগিতাদেশ জাৰি কৰা নাই আৰু কোম্পানীৰ নিৰ্মাণ আৰু সঞ্চালনাত কোনো স্থগিতাদেশ জাৰি কৰা নাই। সংবাদ মেলত তেওঁলোকে জানিবলৈ দিয়ে যে- ৩ মাৰ্চত প্ৰকল্প স্থানৰ বাহিৰৰ পৰা গণ্ডগোল হোৱাত প্ৰকল্পৰ জন শক্তি আৰু সুৰক্ষাৰ বাবে বিপদৰ আশংকা কৰি সেইদিনাৰ পৰা নিৰ্মাণৰ কাম অস্থায়ী ভাৱে বন্ধ ৰখা হৈছিল যদিও বৰ্তমানে প্ৰকল্পৰ কাম পুনৰ আৰম্ভ কৰা হৈছে। কোম্পানীৰ কাউনচেল শংকৰ প্ৰসাদ ভট্টাচাৰ্যই কয়- আমি সদায় এইটো নিশ্চিত কৰিছো যে এজিউৰ দ্বাৰা ভূমি ক্ৰয় বিধিৰ উচিত প্ৰক্ৰিয়াৰ দ্বাৰা কৰা হৈছিল আৰু এই সম্পৰ্কে কোনো প্ৰকাৰে বিধি উলংঘা কৰা হোৱা নাছিল। ভূমি ক্ৰয় কৰাৰ আগত সকলো হিতাধিকাৰীক বিশ্বাসত লোৱা হৈছিল। সংবাদ মেলত কোম্পানীৰ আন বিষয়া ক্ৰমে চমিতলা চুব্বা আৰু বি. কে. পোদ্দাৰ উপস্থিত আছিল। 

Leave A Reply

Your email address will not be published.