HEALTH: শীতকালৰ আৰম্ভণিতে ভৰিৰ গোৰোহা ফাটিলে কেনে লাগিব আপোনাৰ

ইতিমধ্যে ঠাণ্ডা আৰম্ভ হৈছে। ঠাণ্ডা সৰীৰৰ ছাল টান হৈ পৰে। ভৰিৰ গোৰোহাও ফাটিবলৈ আৰম্ভ কৰে। এই সময়ত ভৰিৰ ফালেও অলপ সাৱধানতা অৱলম্বন কৰিব লাগে। যদি নহয় তেন্তে ভৰিৰ গোৰোহাটোতো সমস্যা হ’ব পাৰে। আৰু এই ক্ষেত্ৰত ঘৰুৱা উপায়েৰে সমস্যা সমাধান কৰক।

নাৰিকল তেল

নাৰিকল তেলে ছালৰ আৰ্দ্ৰতা ধৰি ৰখাত সহায় কৰে। শুকান বতৰত ছালখন মইশ্ব’ৰাইজ কৰে। নিয়মিতভাৱে ছালত নাৰিকল তেল প্ৰয়োগ কৰিলে ছাল শুকাই নাযায় সহজতে। ৰাতি শুই উঠাৰ আগতে ভৰিৰ তলুৱাত নাৰিকল তেল মালিচ কৰক। কেইবা সপ্তাহ ধৰি ভৰিত নাৰিকল তেল মালিচ কৰিলে ভৰি ফাটি যোৱা সমস্যাৰ পৰা সহজেই বাচিব পাৰি। ভৰিৰ গোৰোহাও চিকচিকিয়া হ’ব।

পেট্ৰলিয়াম জেলী

ওঁঠেই হওক বা গোৰোহাই হওক, শীতকালীন ছালৰ যত্নত পেট্ৰলিয়াম জেলীয়ে অতি উত্তম কাম কৰে। দৈনিক পেট্ৰলিয়াম জেলী গোৰোহাত প্ৰয়োগ কৰিলে ভৰি ফটা সমস্যা ৰোধ কৰিব পাৰি। কিন্তু নিশ্চিতভাৱে ৰাতি শুই উঠাৰ আগতে লগাব লাগে এই জেলি। আৰু পিছদিনা ৰাতিপুৱা ভালদৰে পৰিষ্কাৰ কৰিব লাগে।

মাউথৱাছ

১ অংশ মাউথৱাছ আৰু ২ অংশ পানী মিহলাই ভৰিদুখন পানীত ডুবাই থওক। মাউথৱাছে ভৰিৰ সকলো বীজাণু পৰিষ্কাৰ কৰে। লগতে ছালৰ আৰ্দ্ৰতাও ধৰি ৰাখে।

কলৰ বাকলি

কলৰ বাকলি ফটা গোৰোহাত ঘঁহিব পাৰে। ফাটি যোৱা অংশত কলৰ পেষ্টো লগাব পাৰে। ২০ মিনিট ৰাখি ধুই পেলাব।

মৌ

ভৰিৰ ফাট মেলাৰ পৰা মুক্ত হ’বলৈ মৌ ব্যৱহাৰ কৰিব পাৰে। মৌৱে ছালৰ আৰ্দ্ৰতা ধৰি ৰখাত সহায় কৰে। মৌত এন্টিবেক্টেৰিয়েল গুণ থাকে, যিয়ে ফাটি যোৱা গোৰোহাকো সংক্ৰমণৰ পৰা ৰক্ষা কৰে।

Related Articles