Breaking

Health benefits of drinking coffee: অপকাৰিতাই নহয়, উপকাৰিতাও আছে কফিৰ!

12

বিশ্বজুৰি বিশেষজ্ঞসকলে অনুমান কৰিছে যে মানুহে প্ৰতিদিনে প্ৰায় ২.২৫ বিলিয়ন কাপ কফি সেৱন কৰে। গৱেষকসকলে ডায়েবেটিছ, হৃদযন্ত্ৰৰ ৰোগ, প্ৰদাহজনিত আন্ত্ৰিক ৰোগ, যকৃতৰ ৰোগৰ বাবে কফি খোৱাৰ উপকাৰিতাৰ কথা উল্লেখ কৰিছে।Health benefits of drinking coffee)

কফি প্ৰেমীৰ অভাৱ নাই, ঘৰতে হওক বা অফিচৰ কামৰ ব্যস্ততাৰ মাজতেই হওক আমি কিমান কফি খাওঁ সেয়া আমি গুৰুত্বই নিদিওঁ। কফি অত্যধিক খালে স্বাস্থ্যৰ ক্ষতিৰ সম্ভাৱনা থাকে। এই কথা জানিও বহুতে দিনটো কফিৰে আৰম্ভ কৰি মন সতেজ কৰে। মানুহৰ মনত এনে ভাব হয় যে কফি খালে শৰীৰত তৎক্ষণাত শক্তি পোৱা যায় আৰু মানুহৰ মন ভাল লাগে। কিছুমান গৱেষণাৰ পৰা জানিব পৰা গৈছে যে টাইপ ২ ডায়েবেটিছ, (diabetes) কেন্সাৰ (cancer) আৰু ফেটি লিভাৰ আদি গুৰুতৰ ৰোগত কফি খালে ভাল। কিন্তু সীমিত পৰিমাণতহে কফি খোৱাৰ লাভ আছে, কফি অত্যধিক সেৱনে স্বাস্থ্যৰ ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে।(Health benefits of drinking coffee: অপকাৰিতাই নহয়, উপকাৰিতাও আছে কফিৰ!)

সিজোৱা কফিত কেফেষ্টল আৰু কাহৱেল নামৰ প্ৰাকৃতিক তেল থাকে, যাৰ ফলত শৰীৰত কলেষ্টেৰলৰ গঠন কম হয়। কফি এদিনত কিমান পৰিমাণে খাব লাগে জানেনে।

এক কাপ কফিত প্ৰায় ১০০ মিলিগ্ৰাম কেফেইন থাকে যিয়ে শৰীৰৰ মলত্যাগত সহায় কৰে। ইয়াৰ ফলত ভাগৰ নাইকিয়া হয়। ২ কাপ কফি খালে মানুহৰ ব্যায়ামৰ ক্ষমতা যথেষ্ট উন্নত হয় আৰু হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পায়। ইয়াৰ উপৰিও ৩ কাপ কফি খালে হৃদযন্ত্ৰৰ ৰোগৰ সম্ভাৱনা ১২ শতাংশ হ্ৰাস পায়।(Benefits of Coffee)

আনহাতে দৈনিক ৪ কাপ কফি খালে মদ্যপান নকৰা ৰোগৰ সম্ভাৱনা ১৯ শতাংশ হ্ৰাস পায়। একে সময়তে ৫ কাপ কফি সেৱন কৰিলে টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা প্ৰায় ২৯ শতাংশ হ্ৰাস পায়।

কোৱা হয় যে যিকোনো বস্তু অত্যাধিক খালে স্বাস্থ্যৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। যদি আপুনি অত্যধিক কফি সেৱন কৰে তেন্তে টোপনিৰ অভাৱ, অস্থিৰতা, পেটৰ বিষ, বমি, স্নায়বিক অৱস্থা, মূৰৰ বিষ, হৃদস্পন্দন বৃদ্ধি আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। আনহাতে গৰ্ভৱতী বা স্তনপান কৰাই থকা মহিলাই কেফেইন সীমিত পৰিমানে সেৱন কৰাৰ পৰামৰ্শ দিয়ে।(Coffee Benefits and Side Effects)

ক’লা কফিত (গাখীৰ বা ক্ৰীম অবিহনে) এশ মিলিলিটাৰ কেলৰি কম। অৰ্থাৎ প্ৰায় এটা সাধাৰণ কাপ ক’লা কফি, ইয়াত মাত্ৰ প্ৰায় ২ কেলৰি থাকে। কিন্তু ক্ৰীম বা চেনি যোগ কৰিলে কেলৰিৰ মূল্য বৃদ্ধি পাব।

কফিৰ বীনত পলিফিনলও থাকে, যিটো এক প্ৰকাৰৰ এন্টিঅক্সিডেন্ট। এন্টিঅক্সিডেন্টে শৰীৰক ফ্ৰী ৰেডিকেলৰ ক্ষতিৰ পৰা ৰক্ষা কৰাত সহায় কৰিব পাৰে।

গতিকে সীমিতভাৱে আপুনিও আপোনাৰ স্বাস্থ্যৰ উপযোগী হোৱাকৈ কফি সেৱন কৰিব পাৰে।

Comments are closed.