Health Problem Caused By Air Pollution: প্ৰদূষণৰ ফলত হোৱা শৰীৰৰ ৫টা সমস্যা আৰু ইয়াৰ চিকিৎসাৰ বিষয়ে জানি লওক

দিল্লীকে ধৰি উত্তৰ ভাৰতত ঠাণ্ডা বৃদ্ধি পোৱাৰ পাছত প্ৰদূষণ অতি ভয়ানক মাত্ৰাত উপনীত হৈছে। বৰ্তমান সময়ত বায়ু প্ৰদূষণ কেৱল পৰিৱেশৰ প্ৰতি ভাবুকি হৈ পৰাই নহয়, ই আমাৰ স্বাস্থ্যৰ বাবেও ভয়াৱহ সমস্যাৰ সৃষ্টি কৰিছে। যান-বাহনৰ ধোঁৱা, উদ্যোগিক ধোঁৱা, ধূলি আৰু জলবায়ু পৰিৱৰ্তন আদি কাৰকৰ বাবে প্ৰদূষণ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। এই কাৰণে শৰীৰত অতি বেয়া প্ৰভাৱ পৰে আৰু বহুতো গুৰুতৰ ৰোগৰ আশংকা বৃদ্ধি পায়। এনে পৰিস্থিতিত প্ৰয়োজন নহ’লে ঘৰৰ পৰা ওলাই যাব নালাগে।(Health Problem Caused By Air Pollution) প্ৰদূষণ বৃদ্ধিৰ ফলত কি কি স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে আৰু ইয়াৰ পৰা হাত সাৰিবলৈ কি কি উপায় আছে জানো আহক-

১/ শ্বাস-প্ৰশ্বাসজনিত ৰোগ(Respiratory diseases)
প্ৰদূষণত উপস্থিত থকা পিএম২.৫ আৰু পিএম১০ৰ দৰে সৰু সৰু কণাবোৰ আমাৰ শ্বাস-প্ৰশ্বাসতন্ত্ৰত জমা হয়, যিয়ে হাঁপানী, ব্ৰংকাইটিছ আৰু ক্ৰনিক অব্ষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ (চিঅ’পিডি)ৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে। দীৰ্ঘদিন ধৰি প্ৰদূষণৰ সংস্পৰ্শলৈ আহিলে হাওঁফাওঁৰ স্বাস্থ্য বেয়া হ’ব পাৰে আৰু উশাহ-নিশাহ লোৱাত অসুবিধা হ’ব পাব পাৰে।

প্ৰতিকাৰ-

-ঘৰৰ বাহিৰলৈ ওলাই যোৱাৰ সময়ত মাস্ক পৰিধান কৰক
-ঘৰৰ ভিতৰত এয়াৰ পিউৰিফায়াৰ ব্যৱহাৰ কৰক।
-ৰাতিপুৱা আৰু গধূলি বাহিৰত শাৰীৰিক ক্ৰিয়া-কলাপ কৰাটো পৰিহাৰ কৰক কাৰণ এই সময়ত প্ৰদূষণৰ মাত্ৰা বেছি।

২/ হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা(Heart related problems)
বতাহত থকা বিষাক্ত গেছ আৰু কণাবোৰ তেজৰ লগত মিহলি হৈ হৃদযন্ত্ৰৰ ধমনীবোৰ ফুলি উঠে, যাৰ ফলত হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পায়। দীৰ্ঘদিন ধৰি প্ৰদূষণৰ সংস্পৰ্শলৈ আহিলে ৰক্তচাপ বৃদ্ধি হোৱাৰ লগতে হৃদৰোগ হ’ব পাৰে।

প্ৰতিকাৰ

-নিয়মিত যোগাসন আৰু ধ্যান কৰক।
-এন্টিঅক্সিডেন্ট সমৃদ্ধ খাদ্য সামগ্ৰী যেনে ফল-মূল আৰু শাক-পাচলি খাব লাগে।

  • প্ৰদূষিত ঠাইত বেছি সময় কটোৱাৰ পৰা বিৰত থাকক।

৩/ ছালৰ সমস্যা
বায়ুৰ গুণাগুণৰ সূচকাংক বেয়া হোৱাৰ বাবে ছালত ধূলি আৰু মলি জমা হয়, যাৰ ফলত ছালৰ বিষ, এলাৰ্জী আৰু অকালতে বলিৰেখা হ’ব পাৰে। বায়ু প্ৰদূষণৰ বাবেও ছালৰ প্ৰাকৃতিক উজ্বলতা হেৰাই যাব পাৰে।

প্ৰতিকাৰ

-প্ৰতিদিনে মুখখন পৰিষ্কাৰ কৰিবলৈ মৃদু ক্লিনজাৰ ব্যৱহাৰ কৰিব লাগে।
-বাহিৰলৈ ওলাই যোৱাৰ সময়ত ছানস্ক্ৰীণ লগাব।
-ছালখন হাইড্ৰেটেড কৰি ৰাখিবলৈ অধিক পানী খাব লাগে।

৪/ চকুৰ সমস্যা
বতাহত থকা ধূলি আৰু মলিয়ে চকুত বিষ, ৰঙা পৰা আৰু খজুৱতিৰ সৃষ্টি কৰে। দীৰ্ঘদিন সংস্পৰ্শত থাকিলেও চকুৰ দৃষ্টিশক্তিত প্ৰভাৱ পৰিব পাৰে।

প্ৰতিকাৰ

-দিনটোত কেইবাবাৰো ঠাণ্ডা পানীৰে চকু ধুব লাগে।
-ৰ’দত যাওঁতে ছানগ্লাছ ব্যৱহাৰ কৰিব লাগে।
-চকুৰ যত্নৰ বাবে নিয়মীয়াকৈ পৰীক্ষা কৰাব লাগে।

৫) ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল
বেয়া বতাহত উপস্থিত থকা বিষাক্ত উপাদানে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি তুলিব পাৰে, যাৰ ফলত এজন ব্যক্তি বাৰে বাৰে অসুস্থ হৈ পৰিব পাৰে।

প্ৰতিকাৰ

-ইমিউনিটি বঢ়াবলৈ তুলসী, আদা আৰু হালধি খাব লাগে।
-পুষ্টিকৰ উপাদানৰে সমৃদ্ধ খাদ্য গ্ৰহণ আৰু নিয়মিত ব্যায়াম কৰক।
-প্ৰচুৰ পৰিমাণে টোপনি লওক আৰু মানসিক চাপৰ পৰা আঁতৰি থাকক।

Related Articles