বৰনৰ্দ্দীত ক’ভিড জয় কৰা অশীতিপৰ বৃদ্ধাক স্বাস্থ্যকৰ্মীৰ সম্বৰ্ধনা

নলবাৰী জিলাৰ বৰনৰ্দ্দী নিবাসী এগৰাকী অশীতিপৰ ক’ভিড আক্ৰান্ত বৃদ্ধাই হেলাৰঙে নিজ ঘৰতে চিকিৎসাধীন হৈ থাকি ক’ভিড জয় কৰিবলৈ সক্ষম হোৱাৰ পাছত  স্থানীয় বৰনৰ্দ্দী বিনন্দ চন্দ্ৰ ডেকা সোঁৱৰণী সামুহিক স্বাস্থ্যকেন্দ্ৰৰ স্বাস্থ্যকৰ্মীৰ এটা দলে ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ শুক্ৰবাৰে আবেলি বৰনৰ্দ্দী সামুহিক স্বাস্থ্যকেন্দ্ৰৰ উপ-অধীক্ষক ডা° বসন্ত ডেকাৰ নেতৃত্বত স্বাস্থ্যকৰ্মীৰ এটা দল ক’ভিড জয় কৰা অশীতিপৰ বৃদ্ধা অলকা দেৱীৰ বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে ৷ উল্লেখ্য যে যোৱা ৩ জুলাইত বৰনৰ্দ্দী সামুহিক স্বাস্থ্যকেন্দ্ৰলৈ গৈ অলকা দেৱীৰ ক’ভিড পৰীক্ষা কৰোতে ক’ভিড আক্ৰান্ত হোৱাৰ বিষয়ে অৱগত হয় ৷ স্বাস্থ্য বিভাগে তেওঁক নিয়ম অনুসৰি চিকিৎসালয়ত ভৰ্তি কৰাব বিচাৰিছিল যদিও বৃদ্ধাগৰাকীয়ে নিজৰ ঘৰতে থাকি চিকিৎসা গ্ৰহণ কৰিব বুলি জনায় ৷ তেওঁ পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু স্বাস্থ্য বিভাগক লিখিতভাবে অৱগত কৰে যে যদি ঘৰত চিকিৎসাসেৱা লাভ কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ মৃত্যু হয়, তেন্তে স্বাস্থ্য বিভাগ জগৰীয়া নহ’ব ৷ ইয়াৰ পাছত বৃদ্ধাগৰাকীক ঘৰতে চিকিৎসাসেৱা লাভৰ অনুমতি প্ৰদান কৰে ৷ যোৱা ১১ জুলাইত পুনৰ তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰাত ক’ভিড নিকেটিভ বুলি ফলাফল আহে ৷ ৮৪ বছৰ বয়সত সাহসেৰে ক’ভিড জয় কৰা বৃদ্ধাগৰাকীক আজি স্বাস্থ্য বিভাগে সম্বৰ্ধনা জনোৱা কাৰ্যক সচেতন মহলে প্ৰশংসা কৰিছে ৷

Related Articles