৫ মাৰ্চ, ২০২৫ঃ বৰপেটা ৰোডত এন এছ এম (NHM) কৰ্মচাৰীৰ নেতৃত্বত স্বাস্থ্য কৰ্মীসকলে তিনিদিনীয়া কৰ্মবিৰতিৰ প্ৰতিবাদ কৰিছে। এই প্ৰতিবাদৰ ফলত সমগ্ৰ অঞ্চলত স্বাস্থ্য সেৱাত ব্যাঘাত ঘটিছে।
এন এছ এম কৰ্মচাৰীয়ে অসম চৰকাৰৰ ওপৰত স্বাস্থ্য কৰ্মীসকলৰ দাবী পূৰণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে। এই প্ৰতিবাদৰ আজিৰ দিনটো দ্বিতীয় দিন, য’ত কৰ্মচাৰীৰ ক্ষোভত উত্তাল হৈ পৰিছে বৰপেটা ৰোডৰ অসামৰিক চিকিৎসালয় সমূহ।
দীৰ্ঘদিনীয়া বঞ্চনাৰ প্ৰতিবাদত NHM কৰ্মচাৰীসকলে ৪ মাৰ্চৰ পৰা ৬ মাৰ্চলৈকে কৰ্মবিৰতি ঘোষণা কৰিছে। এই সময়ছোৱাত ৰাজ্যৰ বিভিন্ন চিকিৎসালয় তথা বৰপেটা ৰোডৰ অসামৰিক চিকিৎসালয়ত চিকিৎসা সেৱা ব্যাহত হোৱাৰ সম্ভাৱনা আছে।
প্ৰতিবাদকাৰীসকলে দাবী জনাইছে যে, “আমাৰ দাবী মানি লওঁক। সম কামৰ বাবে সম দৰমহা দিয়ক।” এন এছ এম কৰ্মচাৰীৰ এই কৰ্মবিৰতিৰ ফলত বহু ৰোগীয়ে অসুবিধাৰ সন্মুখীন হৈছে।
অসম চৰকাৰে এই সমস্যা সমাধানৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰে, সেইটো লক্ষ্যনীয় হ’ব।