কাছাৰত হৃদয়বিদাৰক ঘটনা! কুঁৱাৰ পৰা কুকুৰা উদ্ধাৰ কৰিবলৈ গৈ নিহত ৩ লোক…

কাছাৰত হৃদয়বিদাৰক ঘটনা। দেওবাৰে সন্ধিয়াৰ ভাগত কুঁৱাৰ পৰা কুকুৰা উদ্ধাৰ কৰাৰ সময়ত একেলগে তিনিজন লোকৰ মৃত্যু হয়। কাছাৰ জিলাৰ লক্ষীপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ট্ৰেক্টৰৰ টিলাত আৰক্ষী আৰু এন ডি আৰ এফৰ জোৱানে প্ৰায় এঘণ্টা ধৰি অভিযান চলাই তিনিটা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

মৃত লোক হল প্রসেনজিৎ দেব, মঞ্জিত দেৱ আৰু অমিত সেন । তিনিজন লোকৰ কৰুণ মৃত্যুত শোকৰ ছাঁ পৰিছে অঞ্চলটোত।

Related Articles