Rupjyoti Kurmi: অসম বিধানসভাৰ দ্বাদশ দিনটোত সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পবিত্ৰ সদনৰ মজিয়াত বিধায়কৰ মাজত সৃষ্টি হয় কাজিয়া। বিধায়ক শ্বেৰমান আলীলৈ চোঁচা ল’লে ৰূপজ্যোতি কুৰ্মীয়ে। ভাষণৰ মাজতে শ্বেৰমানলৈ চোঁচা ল’লে ৰূপজ্যোতিয়ে। ৰূপজ্যোতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী অখিল গগৈৰ। বিৰোধী দলপতিও সৰৱ হৈ পৰিল ৰূপজ্যোতিৰ বিৰুদ্ধে। ৰূপজ্যোতিক বুজনি দিয়াৰ চেষ্টা কৰে উপাধ্যক্ষ ডাঃ নোমল মমিনে। হুলস্থূলীয়া পৰিৱেশৰ পিছতে সদনত ক্ষমা খুজিলে ৰূপজ্যোতি কুৰ্মীয়ে। ৰূপজ্যোতি কুৰ্মীয়ে কয়, “মই কোনো বেয়া কথা কোৱা নাছিলো। মই উঠি যাব নালাগিছিল। মই ক্ষমা বিচাৰিছোঁ।”
এই উত্তপ্ত পৰিস্থিতিৰ পিছতে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক শ্বেৰমান আলীয়ে কয়, “অসম বিধানসভাত এয়া নজিৰবিহীন ঘটনা হ’ল। আজিলৈ এনে ঘটনা হোৱা নাই। অধ্যক্ষই যি শাস্তি দিব লাগিছিল নিদিলে। একেবাৰে লঘু শাস্তি দিলে। ৰূপজ্যোতি কুৰ্মীক গোটেই বছৰৰ বাবে নিলম্বন কৰিব লাগে।”
ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কয়, “অসম বিধানসভাত আজি কোনোদিন নঘটা নজিৰবিহীন ঘটনা ঘটিল। বিৰোধী বিধায়কক মাৰিবলৈ চকীৰ ফালে চোঁচা লৈ যোৱাটো নিন্দনীয় ঘটনা। এনে ঘটনা আগতে হোৱা নাই কেতিয়াও। ধোদৰ আলীক লৈ ৰাজনীতি হৈ আছে, এই বিষয়টোক লৈ আমি আলোচনা কৰি আছিলো। চৰাইদেউ জিলালৈ যোৱা আটাইকেইটা ৰাস্তা বেয়া হৈ আছে। বিধানসভাত এইবোৰ বিষয়ত আলোচনা হ’ব লাগে কিন্তু ঘুচিয়া-ঘূচি হ’ব নালাগে। বিৰোধী বিধায়কক সমালোচনা কৰাৰ বাবে শাৰীৰিক আক্ৰমণ কৰিবলৈ আগুৱাই গৈছে ৰূপজ্যোতি কুৰ্মীয়ে। এই ঘটনাক নিন্দা কৰি আমি আজি সদন ত্যাগ কৰিছো।”
ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মনোৰঞ্জন তালুকদাৰে কয়, “মই প্ৰথমবাৰৰ বিধায়ক। এনেকৈ খেদি অহাত আচৰিত হৈছোঁ। আজি আন বিধায়কে বাধা নিদিয়া হ’লে শাৰীৰিকভাৱে আক্ৰমণ কৰি দিলেহেতেন। কিন্তু আচৰিতভাৱে সাধাৰণ ৱাৰ্নিং এটা দি দায় সাৰিলে।”
সমগ্ৰ ঘটনা সন্দৰ্ভত নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা বিচৰাৰ লগতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয়, “মোৰ বিধানসভাত ২০ বছৰীয়া অভিজ্ঞতা হৈছে। মই শাসক বিৰোধী য’তেই আছোঁ ত’তেই কেতিয়াও আনে বক্তব্য ৰাখোঁতে মাজত মাত মতা নাই। চাহ জনগোষ্ঠীক লৈ নিজকে ৰজাঘৰীয়া বুলি ভবা অখিল গগৈ, দেৱব্ৰত শইকীয়াই ব্ৰিটিছৰ দৰেই নীতি লৈ অপমান কৰি আহিছিল। ধোদৰ আলিক লৈ মই বক্তব্য ৰাখিছিলোঁ। সেই সময়ত মাত মতাত মই খঙত যি কৰিলোঁ তাৰ বাবে ক্ষমা বিচাৰিছোঁ। ঝুমইৰ বিনন্দিনীক অপমান কৰা অখিল গগৈ, দেৱব্ৰত শইকীয়াই সদায় চাহ জনগোষ্ঠীক সদায় গৰু যোৱা বাটেৰেই অহা যোৱা কৰা বিচাৰে।”