দুটি শিশুক প্ৰহাৰক লৈ ইটাখোলাত উত্তপ্ত পৰিস্থিতি

বিশ্বনাথ জিলাৰ ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত নাৰায়ণপুৰ গাঁওৰ  নৰেশ ঘাটোৱাৰ আৰু মইনা ঘাটোৱাৰৰ দুটি  শিশু ক্ৰমে পূজা ঘাটোৱাৰ আৰু হেমন্ত ঘাটোৱাৰক গাঁও খনৰে হাৰুণ আলি নামৰ ব্যক্তি এজনে প্ৰহাৰ কৰাক কেন্দ্ৰ  কৰি যোৱা কালি ইটাখোলা আৰক্ষী চকীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।  শিশু দুটিৰ  মাতৃ মইনাই জানিব দিয়া মতে যোৱা দেওবাৰে তেওঁলোকে ঘৰত শিশু দুটিক ঘৰত থৈ বজাৰলৈ গৈছিল ঠিক চাৰিমান বজাত গা্ঁও খনৰে হাৰুণ আলিয়ে তেওঁলোকৰ ঘৰত উপস্থিত হৈ চোতালত বান্ধি থোৱা ছাগলী লৈ যাব বিছৰাত  পূজা আৰু হেমন্তই আমাৰ ছাগলী কিয় লৈ গৈছে বুলি আগবাঢ়ি আহি হাৰুণক ছাগলীটো নিয়াত বাধা দিয়ে । হাৰুণে শিশু দুটিক তহঁতৰ ছাগলীয়ে মোৰ খেতি নষ্ট কৰিছে  বুলি কৈ হাতেৰে শিশুদুটিক বেয়াকৈ প্ৰহাৰ কৰি গুচি যায় । পিছত শিশু দুটিৰ পিতৃ আৰু মাতৃ নিজ  ঘৰত উপস্থিত হৈ ঘটনা সন্দৰ্ভত সকলো জানিব পাৰি সন্ধিয়া ৭-৩০ মান বজাত ইটাখোলা আৰক্ষী চকীত এখন এজাহাৰ  দাখিল কৰে ।আৰক্ষীয়েও এজাহাৰ লাভ কৰাৰ পিছত হাৰুণক বিছাৰি তেওঁৰ ঘৰত উপস্থিত হয় যদিও  হাৰুণক নেপাই তেওঁৰ শহুৰক আৰক্ষী চকীটোলৈ আনি সোধপোচ কৰি ২৪ ঘণ্টাৰ ভিতৰত হাৰুণক চকীটোত হাজিৰ কৰাবলৈ আৰক্ষীয়ে নিৰ্দেশ দিয়ে যদিও শহুৰেকে হাজিৰ কৰাবলৈ সক্ষম নহল । ইফালে আৰক্ষীয়েও দেওবাৰৰ পৰা আজিলৈকে পলাতক হাৰুণক আটক কৰিবলৈ সক্ষম হোৱা নাই । আনহাতে শিশু দুটিৰ পিতৃ মাতৃয়ে আৰক্ষীয়ে হাৰুণক গ্ৰেপ্তাৰ নকৰাত বিশ্বনাথ জিলা  হিন্দু জাগৰণ মঞ্চৰ ওচৰত গৈ সহায় বিচাৰে ।যোৱা কালি দিনৰ তিনি মান বজাত হিন্দু জাগৰণ মঞ্চ বিশ্বনাথ জিলাৰ বিষয়ববীয়া সকলৰ নেতৃত্বত এদল যুৱকৰ দলে শিশুদুটিৰ মাতৃক লগত  লৈ  আৰক্ষী চকীটোত উপস্থিত হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । ইফালে যোৱা বুধ বাৰে ৰাতিপুৱা এদল দুৰ্বৃত্তই হাৰুণৰ ঘৰত উপস্থিত হৈ ঘৰৰ বেৰ আদি ভাঙি লণ্ডভণ্ড কৰে।

Related Articles