Breaking

বোকাজানত প্ৰচণ্ড ধূলিৰ বতাহ: বিলাতী মাটি কাৰখানাৰ কৰ্ম কাণ্ডত অতিষ্ঠ বোকাজানবাসী ৰাইজ

0 1,578

৫ আগষ্ট আজি বিয়লি ৩ বাজি ৫৫ মিনিটত হঠাতে অহা এজাক তীব্ৰবেগী ধূলি বতাহে অতিষ্ঠ কৰি যায় সমগ্ৰ বোকাজানবাসী ৰাইজক। প্ৰায় ২০ মিনিট ধৰি চলা এই ধূলিৰ বতাহ জাকে বোকাজানৰ সমগ্ৰ পৰিবেশ ধূলিময় কৰি তোলাৰ লগতে পথেৰে খোজকাঢ়ি যোৱা পথচাৰীক আৰু ব‌্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ৰেতা-বিক্ৰেতা সকলক অতিষ্ঠ কৰাৰ লগতে পথেৰে যোৱা লোকসকলে চকু মেলিব নোৱাৰা অৱস্থাৰ সন্মুখীন হয়। এই ধূলিৰ বতাহ জাকে বোকাজানৰ বহু কেইখন ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বহু সংখ্যক ঘৰৰ টিনপাত উৰুৱাই নিয়াৰ ফলত ব্যৱসায়িক প্ৰতিষ্ঠানৰ সা-সামগ্ৰী সমূহ ধূলিৰে পুতি পেলায়।

লক্ষ্যনীয় কথা যে দীৰ্ঘদিন ধৰি পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ লগতে বোকাজান মহকুমাত বৰষুণ নোহোৱাৰ ফলত ধূলিৰ প্ৰকোপ বৃদ্ধি পোৱাৰ লগতে মহকুমাটোৰ বিভিন্ন স্থানত শালী খেতিৰ পথাৰ সমূহতো চিৰালফাঁট মেলিছে। আনহাতে  বোকাজানস্থিত বিলাতী মাটি কাৰখানাৰ পৰা অহৰহ নিৰ্গত ধূলি প্ৰদূষণে বোকাজান বাসীক হাৰাশাস্তি কৰি আহিছে যদিও আজি পৰ্যন্ত বিলাতী মাটি কাৰখানাৰ কৰ্তৃপক্ষই ধূলি প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বিপৰীতে ধূমুহা বতাহৰ সুযোগ গ্ৰহণ কৰি অত্যধিক হাৰত বোকাজান বিলাতী মাটি কাৰখানাৰ পৰা ধূলি এৰি দি আহিছে । যাৰ ফলত বোকাজান অঞ্চলৰ বহু সংখ্যক লোকে চকু ৰোগ, হাওঁফাওঁ জনিত ৰোগ , চৰ্ম ৰোগত ভোগাৰ লগতে বহু লোকৰ ঘৰৰ টিনপাত ,আচ-বাব আদিও নষ্ট হৈ আহিছে।

Leave A Reply

Your email address will not be published.