ৰাজ্যত আগন্তুক ৪-৫ দিনলৈ প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা।
ধুমুহা-বৰষুণৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
আনহাতে প্ৰতিঘণ্টাত ৩০-৪০ কিলোমিটাৰ বেগত বতাহ বলাৰ সম্ভাৱনা।
দৰং, কামৰূপ, কামৰূপ মহানগৰ উপৰিও অৰুণাচল প্ৰদেশ, পশ্চিমবংগ, ছিকিম আৰু মেঘালয়তো ধাৰাসাৰ বৰষুণ সৃষ্টি হোৱাৰ সম্ভাৱনা।
অসম আৰু মেঘালয়ত ৰেড এলাৰ্ট জাৰি কৰা হৈছে।
অসম আৰু মেঘালয়ত ১৮ জুনত হ’ব মূষলধাৰ বৰষুণ, ১৯ জুনত প্ৰবল বৃষ্টিপাত আৰু ২০ জুনত অতি প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা।
আনহাতে গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰী কৰিছে।