নিশা অহা এজাক ধুমুহাই মৰিগাঁও জিলাৰ দক্ষিণ-পশ্চিম অঞ্চলত নিশা প্ৰচণ্ড ধুমুহাই ব্যাপক তাণ্ডব চলায়। প্ৰৱল ধুমুহাই জাগী, ভকতগাঁও,এজাৰবাৰী, বৰদল, পদুমনি, ঋগড়কটাবড়ী, মিকিৰবৰি, পদুম পুখুৰী,মেৰুৱাগাঁও, কৰৈবাৰী জাগী জ্যোতিনগৰ অঞ্চলত বহু ঘৰ দুৱাৰ ক্ষতি সাধন কৰা লগতে গছবাগৰি পথ ব্যৱস্থা,বিদ্যুত যোগান ব্যৱস্থা ব্যাহত হয়। ধুমুহাৰ ফলত মৰিগাঁও জাগীৰোড পথৰ জাগীভকতগাঁও কপিলী দলঙৰ সমীপত গছবাগৰি পথ ব্যৱস্থা ব্যাহত হোৱাই উক্ত ব্যস্ত পথেৰে অহা যানবাহন সমূহ দুই আঢ়ৈ ঘন্টা ধৰি আবদ্ধ হৈ পৰাত অবৰ্ননীয় পৰিস্থিতিৰ সৃষ্টি হয়। অৱশ্যে মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত গৰ্গমোহন দাসৰ উপৰিও জাগীৰোড থানাৰ আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত গছকাটি পথ মোকোলোৱাৰ পিছত নিশা ১১-৩০ মান বজাত পথটো মুকলি কৰিবলৈ সক্ষম হয়।
আনহাতে কালি নিশা আকস্মিকভাৱে অহা প্ৰচণ্ড ধুমুহাত মৰিগাঁও জিলাৰ দক্ষিণ পশ্চিমাঞ্চলৰ বিভিন্ন গাঁৱৰ ৰাইজৰ ব্যাপক ক্ষতিৰ সন্মূখীন হৈছে। আনহাতে আজি তিৱা স্বায়ত্ত পৰিষদৰ কাৰ্য্যবাহী সদস্য খগেন চন্দ্ৰ বৰদলৈ আৰু মৰিগাঁও ৰাজহ চক্ৰ বিষয়া হৃদয় কুমাৰ দাস উক্ত ধুমুহাত বিধ্বস্ত হোৱা অঞ্চলসমূহ পৰিদৰ্শন কৰা লগতে ধুমুহাত ক্ষতিগ্ৰস্ত ৰাইজৰ ক্ষয়-ক্ষতিৰ বুজ লয়। অঞ্চলটোৰ সচেতন মহলে মৰিগাঁও জিলা প্ৰশাসনক ক্ষতিগ্ৰস্ত হোৱা দুখীয়া পৰিয়ালসমূহক উপযুক্ত ক্ষতিপূৰন প্ৰদান কৰি তাৎক্ষণিকভাবে সকাহ দিবলৈ আহ্বান জনাইছে।