কুকুৰা পালনেৰে স্বাৱলম্বীতাৰ নিদৰ্শন এজন যুৱকৰ

যি সময়ত ৰাজ্যৰ লাখ লাখ শিক্ষিত নিবনুৱাই কৰ্ম সংস্থাপন বিচাৰি হাঁহাকাৰ কৰিব লগীয়া হৈছে ঠিক সেই সময়তেই যোৰহাট জিলাৰ পদুমনি কটোহাবৰিয়া গাওঁৰ এজন বিজ্ঞানৰ উচ্চশিক্ষিত যুৱকে দেখাইছে স্বাৱলম্বীতাৰ অনন্য নিদৰ্শন। এই উচ্চ শিক্ষিত যুৱক জন  বিপ্লৱ জ্যোতি বৰা। বিপ্লৱে এখন লেয়াৰ প্ৰজাতিৰ ককুৰা ফাৰ্ম খুলি নিজৰ লগতে আন দহজন শিক্ষিত নিৱনুৱাক দিছে সংস্থাপন। প্ৰতিদিনে ৫৫০০  পৰা ৫৮০০ শ  কুকুৰাৰ সতেজ দিম তেওঁৰ ফাৰ্মৰ পৰা যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত ‘অসমী সতেজ কণী’ নামেৰে নামাকৰণ কৰি যোগান ধৰি আহিছে।

উন্নত প্ৰজাতিৰ কুকুৰা পালনৰ জৰিয়তে বিপ্লৱে মনে বিছৰা ধৰণে প্ৰতিমাহে উপাৰ্জন লাভ কৰিছে  বুলি জানিবলৈ দিয়ে। ১০০ কুকুৰা পালনেৰে আৰম্ভ কৰা বিপ্লৱৰ ফাৰ্মত এতিয়া ছয় হাজাৰো অধিক লেয়াৰ প্ৰজাতিৰ কুকুৰা আছে ।ভৱিষ্যতে আৰু অধিক পৰিকল্পনাৰে কুকুৰাৰ কণী যোগান ধৰাৰ বাবে তেঁওৰ চেষ্টা অব্যাহত ৰাখিছে। তেওঁৰ দৰে শিক্ষিত নিবনুৱা সকলক সকলো সময়তেই চাকৰিৰ পাছত দৌৰ নিদি সময় সঠিকভাৱে প্ৰয়োগ কৰি কৰ্মত মনোনিবেশ কৰিবৰ বাবে আহ্বান জনাইছে।

Related Articles