Breaking

মুকালমুৱাত ডিএচপিৰ নেতৃত্বত চলা অভিযানত জব্দ হিৰোইন৷মহিলাসহ দুই ড্ৰাগছ সৰবৰাহকাৰীক জে’ল হাজোতলৈ প্ৰেৰণ

0 1,545

নলবাৰী জিলাৰ সদৰ উপ আৰক্ষী অধীক্ষক জিকিৰাণী মহন্তৰ নেতৃত্বত মুকালমুৱা আৰক্ষীয়ে কালি সন্ধিয়া মুকালমুৱাত অভিযান চলাই দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৷ এক নিৰ্ভৰযোগ্য সূত্ৰৰ খবৰৰ ভিত্তিত নলবাৰী-কামৰূপ জিলাৰ সীমান্তৰ মুকালমুৱাৰ কুৰিহাত মুকালমুৱা আৰক্ষীয়ে নিয়মীয়া তালাচী চলাই থকাৰ পৰাই ড্ৰাগছ সৰবৰাহকাৰী ইছলামউদ্দিন আলী ওৰফে ছাদ্দামক আটক কৰে ৷ ধৃত সৰবৰাহকাৰীটোক আৰক্ষীয়ে আটক কৰি মাৰাথান জেৰা চলোৱাৰ অন্তত ইছলামউদ্দিনে গোপনে মজুত কৰি ৰখা হিৰোইনৰ সন্ধানত লোহাৰকাঠাত অভিযান চলাই এগৰাকী মহিলাক আটক কৰি তেওঁৰ পৰা ১৬ টা হিৰোইন ভৰ্তি টেমা উদ্ধাৰ কৰে ৷ ধৃত সৰবৰাহকাৰীটোৰ স্বীকাৰোক্তিত লোহাৰকাঠা গাঁৱৰ ৰবিজান বিবি নামৰ মহিলা গৰাকীৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলাই বিক্ৰীৰ বাবে মজুত কৰি ৰখা হিৰোইনখিনি জব্দ কৰি মহিলা গৰাকীকো আটক কৰে ৷ উল্লেখ্য যে ধৃত ইছলামউদ্দিন আলী ওৰফে ছাদ্দামে মহিলা গৰাকীৰ সহযোগত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায় চলাই অহাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ মহিলা গৰাকীৰ বাসগৃহত নিষিদ্ধ ড্ৰাগছ মজুত কৰি মহিলা গৰাকীৰ সহযোগত ধৃত ইছলামউদ্দিনে ব্যৱসায় চলাই অহাৰ খবৰ লাভ কৰিছিল সদৰ ডিএছপি জিকিৰাণী মহন্তই ৷ ধৃত দুই সৰবৰাহকাৰীৰ বিৰুদ্ধে মুকালমুৱা থানাত গোচৰ ৰুজু কৰি দুয়োকে আজি নলবাৰী আদালতত হাজিৰ কৰোৱাত মহামান্য আদালতে দুয়োকে জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে ৷ আৰক্ষী সূত্ৰৰ পৰা জানিব পৰামতে মুকালমুৱাৰ শনিৰোডৰ নিৱাসী ধৃত ইছলামউদ্দিন ওৰফে ছাদ্দাম অঞ্চলটোত ড্ৰাগছ সৰবৰাহৰ মূল অভিযুক্ত ৷ লোহাৰকাঠাৰ দৰিদ্ৰ মহিলা গৰাকীক ড্ৰাগছ সৰবৰাহকাৰী ইছলামউদ্দিনে ধনৰ প্ৰলোভন দেখুৱাই মহিলাৰ গৰাকীৰ বাসগৃহত ড্ৰাগছ মজুত কৰি ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল বুলি জানিব পৰা গৈছে  ৷

Leave A Reply