Breaking

বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ পাছত সীমান্তত হাই এলাৰ্ট !কৰিমগঞ্জ-কাছাৰ সীমান্তত নিশ্ছিদ্ৰ নিৰাপত্তা বেহু…

0 26

বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ পাছত সীমান্তত হাই এলাৰ্ট৷ ২৪ ঘণ্টাই সীমান্তত কাঢ়া নজৰ ৰাখিছে বিএছএফে৷ কৰিমগঞ্জ-কাছাৰ সীমান্তত নিশ্ছিদ্ৰ নিৰাপত্তা বেহু৷

লাদেশৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্যৰাখি ভাৰত-বাংলাদেশ সীমান্তত সতৰ্কতা জাৰি কৰিছে বি এছ এফে। সোমবাৰে বিয়লি বি এছ এফৰ তৰফৰ পৰা সীমান্তত কঠোৰ নিৰাপত্তা জাৰি কৰা হোৱা বুলি সংবাদ সংস্থা এ এন আইয়ে প্ৰকাশ কৰিছে।

দেশখনত সৃষ্টি হ’ব পৰা গোষ্ঠীগত সংঘৰ্ষত ভাৰতলৈ যাতে কোনো লোক প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সীমান্তত কঠোৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। বাতিল কৰা হৈছে বাংলাদেশ ভাৰতৰ মাজত চলি থকা মৈত্ৰী ৰেল। বন্ধ কৰা হৈছে বিমান চালনাও।

Leave A Reply

Your email address will not be published.