Breaking

সমন্বয় পুথিভঁৰালত ভবানন্দ দত্তৰ সৃষ্টি আৰু দৰ্শন বিষয়ক আলোকপাত

0 2,104

পশ্চিম   নলবাৰীৰ অঞ্চলৰ  বিহামপুৰস্থিত সমন্বয় পুথিভঁৰালত কালি  অসমৰ এগৰাকী বিদগ্ধ পন্ডিত  ভবানন্দ দত্তৰ সৃষ্টি আৰু দৰ্শন বিষয়ৰ ওপৰত  অনুষ্ঠিত হয় এক মননশীল    বিশেষ সভা  ৷উক্ত সভাত  পুথিভঁৰালৰ কৰ্মকৰ্তাসকলৰ লগতে কেইবাগৰাকীও সমাজপ্ৰেমী , বিদ্যানুৰাগী শুভাকাংক্ষী তথা ছাত্ৰ -ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ পূব নলবাৰী শিক্ষাখণ্ডৰ চি.আৰ.চি.চি , নিবন্ধকাৰ সোণমণি দাসে ঐতিহ্যমণ্ডিত কটন কলেজৰ সুখ্যাত অধ্যাপক , সমকালীন অসমৰ বিদগ্ধ পণ্ডিত , চিন্তাবিদ , যুক্তিবাদী লেখক ভবানন্দ দত্তৰ কালজয়ী ৰচনাৰাজি আৰু অন্যান্য সমলৰ আধাৰত প্ৰস্তুত কৰা সুদীৰ্ঘ নিবন্ধ বৈঠকত উপস্থাপন কৰে ৷ পুথিভঁৰালৰ মুখ্য পৰিচালক আবেদুৰ ৰহমানেও বৌদ্ধিক জ্যোতিষ্কস্বৰূপ মনীষীগৰাকীৰ সৃষ্টিকৰ্মৰ ওপৰত চমু আলোকপাত কৰে ৷ চি.আৰ.চি.চি জয়ন্ত ডেকা , পুথিভঁৰালৰ সভাপতি নুৰুল ইছলাম ,  শিক্ষক তথা ভাস্কৰ্য শিল্পী শান্তনু কোঁৱৰে বিষয়বস্তুৰ ওপৰত বক্তব্য আগবঢ়ায় ৷প্ৰগতিশীল কবি ডাঃ কৌশিক বাস্যস , আবেদুৰ ৰহমান ,শান্তনু কোঁৱৰ , পম্পী বেগম আৰু আবিদ আজাদে স্বৰচিত কবিতা পাঠ কৰে ৷পুথিভঁৰালৰ পদাধিকাৰী ফাইজউদ্দিন আহমেদ , আৰবুদ্দিন আহমেদ , জমিৰুদ্দিন আহমেদ , চি.আৰ.চি.চি তবিবৰ ৰহমান আদি ব্যক্তিসকলে বৈঠকত সক্ৰিয় সহযোগিতা আগবঢ়ায় ৷

Leave A Reply

Your email address will not be published.