মুকালমুৱাত ৰাজপথ অৱৰোধ,ব্যাপক যান – জঁট।

বিভিন্ন দাবীৰ সমৰ্থনত চি আই টি ইউৰ উদ্যোগত দেশজোৰা চকা বন্ধ। বন্ধৰ সমৰ্থনত চি আই টি উইৰ উদ্যোগত ৰাজপথত ওলাই আহিল অংগনবাডী কৰ্মী-সহায়িকা। মুকালমুৱাতো এইদৰে কেইবা শতাধিক প্ৰতিবাদকাৰী ওলাই আহিল ৰাজপথলৈ।বিজেপি চৰকাৰৰ শ্ৰমিক বিৰোধী আৰু জনবিৰোধী নীতিৰ বিৰুদ্ধে দেশজোৰা চকা বন্ধৰ সমৰ্থনত আজি পুৱা বৰক্ষেত্ৰী CITU ৰ উদ্যোগত ওলাই আহে অংগনবাদী কৰ্মীসকল। মহিলাসকল ৰাজপথত সমদল কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। বিজেপি চৰকাৰৰ শ্ৰমিক বিৰোধী আৰু জনবিৰোধী নীতিৰ ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰী সকলে মুকালমুৱাৰ বৰপেটা গুৱাহাটী পথৰ মাজেৰে প্ৰতিবাদী সমদল উলিয়াই ব্যস্ত পথটো প্ৰায় ১ ঘণ্টা ধৰি বন্ধ কৰি দিয়ে।

পুৰুষ মহিলাসহ কেইবাশ প্ৰতিবাদকাৰীয়ে সমদলত অংশগ্ৰহণ কৰা আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত তেওঁলোকে অংগনবাডী কৰ্মী আৰু সহায়িকা সকলক মাননিৰ সলনি মজুৰি প্ৰদান কৰা, পাঁচ লাখ টকাৰ সাহাৰ্য্য প্ৰদান কৰাৰ দাবী জনায়। তদুপৰি বিজেপি চৰকাৰে শ্ৰমিক বিৰোধী আৰু জনবিৰোধী কাৰ্যকলাপ বন্ধ নকৰিলে পৰৱৰ্তী সময়ত ইয়াতকৈ আৰু অধিক ভয়ংকৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে বন্ধৰ সমৰ্থনকাৰীসকলে। ইতিমধ্যে দুজন নেতাৰ লগতে কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰিছে মুকালমুৱা আৰক্ষীয়ে।

Related Articles