Breaking

হাঁহিৰ খোৰাক জগুৱা অভিনেতা জনী লিভাৰৰ আজি ওপজা দিন…

0 68

হাঁহিৰ খোৰাক জগুৱা অভিনেতা জনী লিভাৰৰ আজি ওপজা দিন। ১৯৫৭ চনৰ ১৪ আগষ্টত তেলেগু খ্ৰীষ্টান পৰিয়ালত জন্মগ্ৰহণ কৰা জনী লিভাৰৰ আজি ওপজা দিন। জনীৰ প্ৰকৃত নাম জন প্ৰকাশ ৰাও জানুমালা। তেওঁৰ কেৰিয়াৰত ৩০০ৰো অধিক ছবিত কাম কৰাৰ লগতে তেওঁৰ কমেডীৰে মানুহক হঁহুৱাবলৈ বাধ্য কৰাই। তেওঁৰ জন্মদিনৰ বিশেষ দিনটোত আমি আপোনালোকক জনী লিভাৰৰ জীৱনৰ কেইটামান কথা জনাবলৈ চেষ্টা কৰিম…

জনী লিভাৰ আজিৰ চিনেমা জগতত এটা চিনাকি নাম, কিন্তু জীৱনত বহু সংগ্ৰামৰ সন্মুখীন হ’বলগীয়া হৈছিল জনী লিভাৰৰ। আচলতে জনী সৰু থাকোঁতে তেওঁৰ পৰিয়ালটোৱে আৰ্থিক সংকটৰ সৈতে যুঁজিছিল। এনে অৱস্থাত পঢ়া-শুনা এৰি কলম বিক্ৰী কৰিছিল জনীয়ে। সৰুৰে পৰা বৰ ধেমেলীয়া আছিল জনী লিভাৰ।

জনী লিভাৰৰ দেউতাকে আগতে হিন্দুস্তান লিভাৰ কোম্পানীত কাম কৰিছিল। তেওঁ জনীক কোম্পানীটোৰেই চাকৰি এটাও দিলে। জনীয়ে সেই কোম্পানীটোৰ বন্ধুসকলক তেওঁৰ কমেডীৰে বহুত হঁহুৱাইছিল। ইয়াৰ বাবেই তেওঁৰ নাম জন প্ৰকাশ ৰাও জানুমালাৰ সলনি জনী লিভাৰলৈ সলনি কৰা হয়।

জনী লিভাৰে কমেডীৰ লগতে মিমিক্ৰীও কৰিছিল। তেওঁ ষ্টেণ্ডআপ কমেডিয়ান হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল, যাৰ বাবে তেওঁ ষ্টেজ শ্ব’ও কৰিছিল। তেনে এটা মঞ্চ শ্ব’ৰ সময়ত সুনীল দত্তৰ চকু পৰিল তেওঁৰ ওপৰত। তেওঁ জনী লিভাৰক ‘দৰ্দ কা ৰিষ্ঠা’ ছবিখনত প্ৰথম সুযোগ দিছিল, তাৰ পিছত জনী লিভাৰে সফলতাৰ সন্মুখীন হৈছিল।



Leave A Reply

Your email address will not be published.