গুৱাহাটী, ৫ নৱেম্বৰঃ ঝাৰখণ্ডৰ নিৰ্বাচনী প্ৰচাৰৰ পৰা আহি ৰাজ্যৰ উপ-নিৰ্বাচনৰ প্ৰচাৰত নামি পৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) । ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনক লৈ সমষ্টিকেইটাত ৰাজনৈতিক বতাহ উত্তপ্ত হৈ পৰিছে । ধলাইৰ বি এন এন পি হাইস্কুল আৰু পালংঘাটৰ চি চি জে চি হাইস্কুলৰ খেলপথাৰত আয়োজিত দুখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(Himanta Biswa Sarma) ।
নিজ দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে । নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি প্ৰথমৰ পৰাই কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে হিমন্ত বিশ্ব শৰ্মাই ।
শৰ্মাই কয়, “কংগ্ৰেছৰ হাতত বিজেপিৰ বিৰুদ্ধে কোনো ইছ্যু নাই বাবেই নিহাৰ ৰঞ্জন দাসক বাংলাদেশী সজাই অসমৰ পৰিস্থিতি উত্তপ্ত কৰিব বিচাৰিছে । বাংলাদেশী কোন হয়, সেয়া চোৱাৰ দায়িত্ব কংগ্ৰেছৰ নহয় । সেই দায়িত্ব চৰকাৰৰ ।”
কংগ্ৰেছ দলত গাখীৰ নিদিয়া গৰুৰ লগত তুলনা কৰি মুখ্যমন্ত্ৰীয়ে কয়, “কংগ্ৰেছ হ’ল এনে গৰু, যিয়ে দানা খোৱাৰ পিছতো গাখীৰ নিদিয়ে ।” ইয়াৰ বিপৰীতে বিজেপিক গাখীৰ দিয়া জাৰ্চি গৰু বুলি অভিহিত কৰে মুখ্যমন্ত্ৰীয়ে ।
ইয়াৰ উপৰি ধলাইৰ বাবে কেইবাটাও পথ, সেতু, কলেজসহ বিভিন্ন উন্নয়নমূলক কামৰ প্ৰতিশ্ৰতি দিয়ে । লগতে ধলাইত নতুনকৈ ১৫ ৰ পৰা ২০ হাজাৰক অৰুণোদয় দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে । তাৰ বাবে বিজেপি প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসক বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ ৰাইজক কৰযোৰে আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে । ভাষন প্ৰসংগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় দিল্লীত বিজেপি চৰকাৰ দিছপুৰত বিজেপি চৰকাৰ গতিকে উন্নয়ণৰ বাবে ধলাইত বিজেপিৰ প্ৰাৰ্থী নিহাৰ ৰঞ্জন দাসক বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ ৰাইজক কৰযোৰে আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে ।