Himanta Biswa Sarma: ২০২৬ত পুনৰ মুখ্যমন্ত্ৰী হ’ব ড॰ হিমন্ত বিশ্ব শৰ্মা: মন্ত্ৰী পীয়ূষ হাজৰিকা

দৈনন্দিন বাৰ্তা, বিশ্বনাথ চাৰিআলি ৪ অক্টোবৰ: বিহালী সমষ্টিত ৰঞ্জিত দত্তৰ উত্তৰধিকাৰী কোন হ’ব ৷ উল্লেখযোগ্য  শোণিতপুৰ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে ৭১ নং বিহালী বিধান সভা সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত বিজয়ী হোৱাৰ পিছৰে পৰা উপ-নিৰ্বাচন আসন্ন হৈ পৰা বিহালী সমষ্টিত স্বাভাৱিকতে চৰ্চা চলিছে আগন্তুক সমষ্টিৰটোত উত্তৰধিকাৰী কোন হ’ব৷ (Himanta Biswa Sarma)

ইতিমধ্যে বিহালী বিধানসভা সমষ্টিত নিৰ্বাচন খেলাৰ বাবে শাসক বিৰোধী উভয়ে কুচকাৱাজ আৰম্ভ কৰিছে যদিও বৰ্তমান লৈকে নিৰ্বাচনৰ দিন ঘোষণা হোৱা৷ ইফালে নিৰ্বাচন দিন ঘোষণা হোৱা নাই যদিও বিজেপি কংগ্ৰেছ আদি ৰাজনীতি দল সংমূহে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ৷ ইফালে উপ নিৰ্বাচনক লৈ অধিক তৎপৰ হৈছে শাসকীয় দল বিজেপি৷ বিজেপি দলে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ৷(Minister Pijush Hazarika)

আনহাতে বুধবাৰৰ পৰা বিহালী সমষ্টিত বাহৰ পাতি আছে মন্ত্ৰী পীয়ূষ হাজৰিকা৷ আনহাতে এই উপ নিৰ্বাচনৰ বাবে বিজেপি দলে ১৭ টা গাওঁ পঞ্চায়ত ১৭ টা কাৰ্যালয় মুকলি কৰে বৃহস্পতিবাৰে৷ প্ৰথমে মন্ত্ৰী পীয়ূষ হাজৰিকা বিহালী উপ নিৰ্বাচনী মুখ্য কাৰ্যালয় মুকলি কৰে বৰগাংত৷(Himanta Biswa Sarma will be the Chief Minister again)

ইয়াৰ পিছতে আন আন গাঁও পঞ্চায়ত সমূহতো উপ নিৰ্বাচনৰ কাৰ্যালয় মুকলি কৰে বিধায়ক দিগন্ত কলিতা, বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিধায়ক ভূবন পেগু আৰু বিধায়ক উৎপল বৰাই ১৭ টাকৈ কাৰ্যালয় পৃথকে পৃথকে মুকলি কৰে৷ উল্লেখ্য, বুধবাৰে সন্ধিয়াৰে পৰা বিহালী সমষ্টিত বাহৰ পাতি থকা মন্ত্ৰী পীয়ূষ হাজৰিকাই সমষ্টিৰটোৰ  বিশিষ্ট ব্যক্তি সকলৰ ঘৰে ঘৰে গৈ বিজেপিৰ বাবে আশীৰ্বাদ বিচাৰি মুঠ ৩০০গৰাকীৰ জ্যেষ্ঠ ব্যক্তি সমাজ সেৱক ঘৰত মন্ত্ৰী পীয়ূষ হাজৰিকা উপস্থিত হৈ এই আশীৰ্বাদ বিচাৰিব বুলি উল্লেখ কৰে মন্ত্ৰী পিয়ূষ হাজৰিকাই৷

আনহাতে গৌৰৱ গগৈ ২০২৬ চনত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব বুলি চলা চৰ্চাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে আকাশত চাং পতা কথা কোনোবাই ক’ব পাৰে ২৬তটো নহয়েই কেতিয়া হ’ব মই নাজানো ৷ কিন্তু আকৌ ২০২৬ চনত আমিয়েই চৰকাৰ গঠন কৰিম আৰু পুনৰ ড॰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হ’ব বুলি উল্লেখ কৰে মন্ত্ৰী হাজৰিকাই৷(gaurav gogoi)

Related Articles