Breaking

টিহুত হিন্দু ক্ৰান্তি দলৰ স্বাধীনতা দিৱস পালন

0 1,312

নলবাৰী/১৫আগষ্ট:: সমগ্ৰ ভাৰত বৰ্ষতেই আজি ১৫ আগষ্টৰ পৱিত্ৰ দিনটোত ভাৰতমাতাৰ পতকাত পুষ্পঞ্জলি অৰ্পন কৰাৰ লগতে যিসকল মহান পুৰুষৰ সততা,ন্যায়,ধৈৰ্য্য,বিশ্বাস আৰু ত্যাগৰ ফলত ভাৰত বৰ্ষ স্বাধীন দেশ হবলৈ সক্ষম হৈছিল সেই সকল মহান ব্যাক্তিক স্মৰণ কৰি তেখেত সকলৰ আত্মাৰ চিৰ শান্তিৰ বাবে বন্তি প্ৰজ্জ্বলন কৰাৰ সময়তে হিন্দু ক্ৰান্তি দল অসম নলবাৰী জিলা সমিতিয়েও উলাহ মালহেৰে স্বাধীনতা দিবস পালন কৰে। নলবাৰী টিহুৰ ষ্টেচনৰ সমীপত হিন্দু ক্ৰান্তি দল অসমৰ কাৰ্যকৰ্তা দীনেশ শৰ্মা আৰু গণেশ কলিতাৰ নেতৃত্বত অনুষ্ঠিত কৰা কাৰ্যসূচীত পতকা উত্তোলন কৰে ৰাষ্ট্ৰিয় পুৰষ্কাৰ, অবসৰ প্ৰাপ্ত সৈনিক নৰেন্দ্ৰ নাথ দাসে।বন্তি প্ৰজ্জ্বলন কৰে অবসৰ প্ৰাপ্ত অসম আৰক্ষী পুতুল চন্দ্ৰ ডেকা ।উক্ত অনুষ্ঠানত হিন্দু ক্ৰান্তি দল নলবাৰী জিলা সমিতিৰ সংযোজক নিৰ্মল ৰাজবংশীয়ে এক বিবৃতি যোগে কয় যে আমি ভাৰতবৰ্ষৰ সংবিধান, গণতন্ত্ৰ, পতকা, সাৰ্বভৌমত্ব ক সন্মান কৰো।ভাৰতবৰ্ষৰ ইতিহাস অতি বিৰল।যত মহা মহা ঋষি মনীষি সকলে বসবাস কৰিছিল।যাৰ বাবে বিশ্ববাসীয়ে এতিয়াও গৌৰৱ কৰে।তেনেক্ষেত্ৰত অতিকৈ দুখৰ বিষয় অতীতৰ যি ভাৰতবৰ্ষ আছিল বৰ্তমানত হৈ থকা নাই। কাৰণ যি ভাৰতবৰ্ষত মাতৃক দেৱী তুল্য আৰু গো মাতাক পূজা কৰা হৈছিল তেনেস্থলত বৰ্তমান পৰ্যায়ত মাতৃসমাজক নিৰ্যাতন আৰু গো মাতাক হত্যা কৰি একাংশই আহাৰ হিচাপত পৰিণত কৰিছে।লগতে সংযোজক গৰাকীয়ে কয় যে বৰ্তমান শাসিত অসম চৰকাৰ খনে যথেষ্ঠ ভাৱে উন্নয়ন মূলক কামৰ আচনি হাতত লৈছে।আমিও স্বাগতম জনাইছো।কথা হল ভাৰতবৰ্ষৰ সংস্কৃতি বৰ্তমান বিপদাপন্ন তেনে ক্ষেত্ৰত আঁ‌চনি সমূহৰ প্ৰয়োজনীয়তা বোধ কৰা নাই হিন্দু ক্ৰান্তি দল অসমে।সেয়েহে ৰাজ্যচৰকাৰ লৈ আহ্বান জনাই সংযোজক গৰাকীয়ে কয় যে ভাৰত মাতা বা অসমী আইক যদি সন্মান কৰে তেন্তে ভাৰতীয় সংস্কৃতিক যাতে কোনেও কেৰাহীকৈও চাব নোৱাৰে তাৰ ওপৰত আইন প্ৰণয়ন কৰক।উক্ত অনুষ্ঠানত হিন্দু ক্ৰান্তি দল নলবাৰী সমিতিৰ উপদেষ্টা মূলেন বৰ্মন,দীপক হালৈ, কুলেন ডেকা, ব্ৰজেন দত্ত যুতিয়া সম্পাদক অপূৰ্ব কলিতা, সাংগঠনিক সম্পাদক লিংকন কলিতা, গো ৰক্ষা প্ৰমূখ মিন্তু কলিতা, সক্ৰিয় সদস্য গগন ডেকা ,দেৱশিষ কলিতা সহ টিহুৰ বহু সংখ্যক কাৰ্যকৰ্তাৰ উপস্থিতি থাকে।

Leave A Reply

Your email address will not be published.