শৃংখল চলিহাক অসমৰ বালা চাহেব থাকৰে আখ্যা দিলে ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামীয়ে৷ কামপুৰত সংবাদ মাধ্যমৰ আগত বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখল চলিহাক এন এছ এৰ অধীনত গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গিৰিশংকৰ গোস্বামীয়ে কয় যে শৃংখল চলিহাৰ জাতীয়তাবাদলৈ ভয় কৰে হিন্দুত্ববাদী ড° হিমন্তবিশ্ব শৰ্মাই৷
শৃংখল চলিহা খিলঞ্জীয়া অসমীয়াৰ নেতা আৰু ড°হিমন্তবিশ্ব শৰ্মা হিন্দু বাংলাদেশী আৰু অনা অসমীয়াক ৰক্ষণাবেক্ষণ দি ক্ষমতাৰ স্বাৰ্থত অসম আৰু অসমীয়াক বিশ্বাসঘাতকতা কৰা এজন সুবিধাবাদী ৰাজনীতিক৷যিহেতু ড° হিমন্তবিশ্ব শৰ্মাৰ জাতীয় দায়বদ্ধতা নাই সেইবাবে জাতীয়তাবাদী নেতা শৃংখল চলিহাৰ জনপ্ৰিয়তাই তেওঁক শংকিত কৰিছে আৰু মুখ্যমন্ত্ৰীজনে ক্ষমতাৰ অপব্যৱহাৰ কৰি শৃংখল চলিহাৰ প্ৰতিবাদী কণ্ঠ স্তব্ধ কৰিব বিচাৰিছে৷
ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামীৰ মন্তব্য ড° হিমন্তবিশ্ব শৰ্মাৰ দুটা বছৰৰ শাসনত খিলঞ্জীয়া অসমীয়াৰ ভাষা সংস্কৃতি সভ্যতাক অনা অসমীয়া লবীৰ পৰিকল্পিত ষড়যন্ত্ৰই ধ্বংসৰ পথলৈ ঠেলি দিছে আৰু ড° হিমন্তবিশ্ব শৰ্মাই অনা অসমীয়া লবীৰ ওচৰত আত্মসমৰ্পণ কৰি অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীবোৰৰ অস্তিত্বৰ প্ৰতি ভাবুকি মাতি আনিছে৷ড°হিমন্তবিশ্ব শৰ্মাৰ শাসনত অসমত হিন্দু বাংলাদেশী আৰু অনা অসমীয়া হিন্দু সকল সুৰক্ষিত হৈছে ঠিকেই কিন্তু খিলঞ্জীয়া অসমীয়া হিন্দুৰ অস্তিত্ব বিপন্নহৈ পৰিছে৷বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ জাতীয়তাবাদক মহাৰাষ্ট্ৰত মাৰাঠী জাতীয়তাবাদৰ পৃষ্ঠপোষক বালা চাহেব থাকৰেৰ জাতীয়তাবাদৰ দৰে বুলি উল্লেখ কৰি গিৰিশংকৰ গোস্বামীয়ে কয় -শৃংখলৰ উগ্ৰ জাতীয়তাবাদৰ ধাৰাটোক কোনোবাই ভাল পাব পাৰে কোনোবাই বেয়া পাব পাৰে কিন্তু শৃংখল চলিহাৰ জাতীয় দায়বদ্ধতা আৰু জাতিপ্ৰেমক কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷
শৃংখল চলিহাৰ গ্ৰেপ্তাৰক ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা দি ৰাইজৰ দলৰ নেতাগৰাকীয়ে কয় সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ জাতীয় জনগোষ্ঠীয় দল সংগঠনবোৰে যাতে বিজেপিৰ অপশাসনৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হ’ব নোৱাৰে তাৰ বাবে জাতীয়তাবাদী নেতাসকলক ভীতিগ্ৰস্ত কৰিবৰ বাবেই শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰা হৈছে যিটো অগণতান্ত্ৰিক আৰু আক্ৰোশমূলক অশুভ ৰাজনীতিৰ নিদৰ্শন কিন্তু ড° হিমন্তবিশ্ব শৰ্মাৰ এই প্ৰতিশোধৰ ৰাজনীতিয়ে বিজেপিক ৰক্ষা কৰিব নোৱাৰে৷ অসমতে নহয় সমগ্ৰ দেশতে বিৰোধী একত্ৰিত হৈছে আৰু কৰ্ণাটক নিৰ্বাচনত বিজেপিৰ পৰাজয়ৰ পাছতে সমগ্ৰ দেশৰ ৰাজনীতিতে বিজেপিৰ অগণতান্ত্ৰিক শাসনৰ বিৰুদ্ধে পৰিবৰ্তনৰ ছুনামি আহিব আৰু বিজেপি ক্ষমতাচ্যুত হ’ব৷
বিজেপিৰ বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে অসমটো ক্ষোভ আৰু ঘৃণাৰ সৃষ্টি হোৱাৰ আশংকাত ভুগি ড° হিমন্তবিশ্ব শৰ্মাই অসমৰ বিৰোধী নেতা সকলক টাৰ্গেট কৰিব আৰম্ভ কৰিছে৷ অখিল গগৈ আৰু শৃংখল চলিহাই নহয় ড° হিমন্তবিশ্ব শৰ্মাই সমাগত সময়ত অসমৰ আন বহু বিৰোধী নেতাক জেললৈ নিক্ষেপ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হ’ব বুলিও ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামীয়ে আশংকা ব্যক্ত কৰে৷
গোস্বামীয়ে স্পষ্ট ভাষাৰে কয় -শৃংখল ৰাষ্ট্ৰদ্ৰোহী নহয়৷ তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হৈছে আৰু ন্যায় ব্যৱস্থাই সমাগত সময়ত তেওঁক নিৰ্দোষী বুলি স্বীকৃতি দিব৷ ন্যায়পালিকাৰ ওপৰত আমাৰ আস্থা আছে আৰু অসমৰ জনগণ শৃংখল চলিহাৰ পক্ষত থিয় হৈ আছে৷