নাজিৰা নগৰৰ দিখৌ নৈৰ বালিঘাট দলঙৰ সমীপত অৱস্থিত নাজিৰা নগৰৰ ঐতিহাসিক শ্মশান খনৰ সাম্প্ৰতিক দুৰাৱস্থাই মৃতকৰ আত্মীয় সকলক সদায়ে দুৰ্ভোগ ভোগাই আহিছে । এই দুৰ্ভোগৰ গুৰিতে হ’ল শ্মশান খনিৰ প্ৰতি গা-কৰি উঠা সামাজিক দায়ৱদ্ধতাৰ অভাৱ । অসম তথা বিশ্ব ইতিহাসৰ বহু সোণালী ব্যক্তিত্বক জীৱনৰ শেহ বেলাত নাজিৰাতে সমাধিস্থ কৰি যোৱাৰ উদাহৰণ নাজিৰাতো বিদ্যমান । সেই সমূহ ব্যক্তিত্বৰ জীৱনৰ পৰৱৰ্ত্তী আশ্ৰয় স্থল নাজিৰা বুলি বাস্তৱতে সত্য হ’লেও আজিৰ প্ৰজন্মৰ নাজিৰাই গৰিমা জীয়াই ৰাখিব পৰা নাই । আনহাতে আত্মীয়ৰ মৃতদেহ কান্ধত লৈ নাজিৰা নগৰ শ্মশানত উপস্থিত হোৱা লোক সকলে অৱহেলিত হৈ ৰোৱা খোদ নগৰীয় শ্মশান খনৰ উন্নয়নৰ হকে বহু পৰিকল্পনাৰে চৰ্চ্চা ৰাখিলেও পৰৱৰ্ত্তী সময়ত সকলো নিৰৱ হৈ পৰে । বহু সময়ত কোনো কোনো বদান্য লোকে পানীৰ মটৰ, পকী আসন আদি নিৰ্মাণ কৰি দিলেও তত্বাৱধানৰ অভাৱত এই সকলোৱেই অব্যৱস্থাত পৰিণত হৈছে । ঘাইকৈ এক স্থায়ী বিদ্যুৎ সংযোগ ব্যৱস্থা নোহোৱাৰ বাবে নিশা চৌহদ অন্ধকাৰময় হোৱাৰ পৰিস্থিতি হয় । ১৯৭০ চনৰপৰা শ্মশান খনৰ সৈতে জড়িত থাকি আজিও ৰাইজৰ এই মৌলিক সম্পদটিৰ বিকাশৰ বাবে ঘৰ সংসাৰ এৰি তত্ত্বাৱধায়ক ৰূপে আত্ম নিয়োগ কৰি অহা ৬৬ বছৰীয়া গোপাল বিশ্বকৰ্মাই পৌৰ প্ৰশাসন আৰু ৰাইজ লগ লাগি পৱিত্ৰ শ্মশান খনি কৰ্তৃপক্ষই আধুনিক ৰূপত গঢ়ি তুলিব লাগে বুলি মত প্ৰকাশ কৰি আহিছে । আনহাতে পূৰ্বে শ্মশানখনি পৰিচালনাৰ হেতু একোখনিকৈ পৰিচালনা সমিতি থাকিলেও শেহতীয়াকৈ পৰিচালনা সমিতি শূণ্য হৈ পৰিছে । শ্মশানৰ উন্নয়নৰ বিষয়ে নাজিৰা মহকুমা প্ৰশাসনে পূৰ্বৰ আৰু বৰ্ত্তমানৰ দুয়োজন মহকুমাধিপতিয়েই নজৰত ল’লেও এখনি পৰিচালনা সমিতি নথকাৰ ঘটনাই শ্মশান খনত কোনো উন্নয়নৰ লেখ সংযোগ ঘটা নাই । আত্মীয়ৰ অন্তিম সৎকাৰ কৰিবলৈ আহি নাজিৰা নগৰ শ্মশানত উপস্থিত হোৱা দূৰণিৰ লোকে ইতিহাস প্ৰসিদ্ধ তথা চাহ আৰু অ’ এন জি চিৰ সামাজিক বিকাশে স্পৰ্শ কৰি থকা তথা অ’এন জি চিৰ সদৰ কাৰ্য্যালয়ৰ কাষতে থকা নগৰ শ্মশান খনৰ উৱলি যোৱা অৱস্থা দেখি সিয়ৰি উঠে । নাই কোনো গেছ সংযোগ, বিদ্যুৎ সংযোগ বা প্ৰয়োজনীয় পানীৰ প্ৰৱাহ । পৰিস্থিতি দেখি গুৱাহাটীৰ এজন বদান্য ব্যক্তিয়ে লক্ষ্যাধিক টকাৰে শ্মশানৰ জিৰণি গৃহটিৰ নিৰ্মাণ কৰে । সেয়াও বৰ্ত্তমান অনাদৃত আৰু অৱহেলিত । পৌৰসভাৰ তৰফৰপৰা নিৰ্মাণ কৰা এটি স্নানাগাৰ নামত নিৰ্মাণ হৈ উঠিল যদিও নাই পানী যোগান, নাই বিজুলি বাতি । সেয়াও এক অচল ব্যৱস্থাৰ সাক্ষী হৈ ৰ’ল । আনহাতে বাহনি বাৰীৰ মাজেৰে যোৱা এটি বিদ্যুৎ যোগানৰ লাইনৰ পৰা যি সংযোগে ক্ষীণ পোহৰ দি হ’লেও গধূলিৰ পৰা এটা লাইট জ্বলি ৰৈছিল সেয়াও যোৱা প্ৰায় সপ্তাহকাল ধৰি বিকল । ৰাইজৰ সম্পদ সুৰক্ষা দি দিনে – নিশাই শ্মশান চৌহদত কাল কটোৱা গোপাল বিশ্বকৰ্মাই এই প্ৰতিবেদকক কয় যে ” টু চাৰ্ভ টু মেন ইজ চাৰ্ভিচ টু গড” । দেশৰ এজন মহান মনিষীৰ বক্তব্যই দি যোৱা সাহসেৰে তেওঁ শ্মশানৰ ৰখীয়া হৈ ৰৈছে । ইয়াৰ বাবে তেওঁ কোনো বেতন বা প্ৰতিদান লোৱা নাই । তেওঁ কৰযোৰে নাজিৰা বাসীক মৃতকৰ শেহ স্থান ডোখৰ পৱিত্ৰ পাৰ্কৰ দৰে ৰূপত গঢ়ি তুলি নাজিৰাৰ প্ৰতিজন মৃতকৰ গৌৰৱক জীয়াই ৰাখিবলৈ আহ্বান জনাইছে । জিলা চৰাইদেউৰ নাজিৰাৰ গাতে লগা ঐতিহাসিক মৈদাম স্থলী আহোম যুগৰ মৃতকলৈ শ্ৰদ্ধা জনোৱা প্ৰথা আৰু গৌৰৱক সোঁৱৰাই থাকে । নাজিৰাৰ অ’এন জি চি চৌহদত দিখৌ নৈৰ পাৰৰ “বৃটিছ গ্ৰেভ য়াৰ্ড” বৰেণ্য ইতিহাসবিদ ” A Grammar of Assamese Language” (১৮৩৯) ৰ প্ৰণেতা উইলিয়াম ৰবীনচন সহ ৬২ জনৰ সমাধি হিচাপে প্ৰতিষ্ঠা কৰি গৈছে । আজিৰ কৰ্তৃপক্ষ সমূহৰ অমনোযোগিতাতহে এনে এখন “গ্ৰেভ য়াৰ্ড” পৰ্য্যটনী মানলৈ উন্নীত হোৱা নাই । সি যিকি নহওঁক অতীতৰ গৌৰৱ গাথাই পৱিত্ৰ শ্মশান থলী অথবা সমাধি থলীক প্ৰদৰ্শন কৰা মৰ্য্য্যদাৰ দৰে ৰাজহুৱা নগৰ শ্মশান খনক এক আধুনিক শ্মশানলৈ উন্নীত কৰিব নোৱাৰি নে ?